ম্যানমাৰত ৰক্তপাত : ড্রোন আক্রমণত নিহত ১৫০ ৰোহিংগ্যা
🔹 সেনা–আৰাকান আর্মীৰ যুদ্ধৰ মাজতে নিৰীহৰ ওপৰত পাশৱিক আতিশয্য
নিউজ ডেস্ক, ১১ আগষ্ট : ম্যানমাৰত পুনৰ ৰোহিংগ্যাৰ ওপৰত পাশৱিক আক্রমণ আৰম্ভ কৰিছে সেনাই৷ ড্রোন আক্রমণৰ ফলত কমপক্ষেও ১৫০জন ৰোহিংগ্যা নিহত হৈছে৷ নিহত লোকসকলৰ ভিতৰত বহু শিশু আৰু মহিলাও আছে বুলি বিভিন্ন সংবাদ সংস্থাৰ সূত্রই সদৰী কৰিছে৷ দীর্ঘদিন ধৰি গৃহযুদ্ধত জর্জৰিত ম্যানমাৰ৷ এতিয়াও নুমোৱা নাই সংঘর্ষৰ জুই৷ সংঘাতত জড়িত হৈ পৰিছে ম্যানমাৰৰ সেনা আৰু বিদ্রোহী আৰাকান আর্মী৷ সঘনে উভয়পক্ষৰ মাজত চলি থকা যুদ্ধৰ ফলত প্রাণৰ ভয়ত দেশ এৰি পলায়ন কৰিছে সাধাৰণ মানুহে৷ এই সংঘাতৰ ফলত ৰোহিংগ্যাৰ অন্যতম বসতিস্থল ৰাখাইন প্রদেশ উত্তপ্ত হৈ পৰিছে৷ প্রতিবেশী দেশবোৰতো এই সংঘাতৰ প্রভাৱ পৰিছে৷ নিৰাপদ আশ্রয় বিচাৰি বাংলাদেশ সীমান্তত ভিৰ কৰিছে হাজাৰ হাজাৰ ৰোহিংগ্যাই৷ সংবাদ সংস্থাৰ সূত্রই সদৰী কৰা অনুসৰি চলিত সপ্তাহত নতুনকৈ উত্তপ্ত হৈ উঠে ৰাখাইন প্রদেশ৷ সেনাৰ সৈতে আৰাকান আর্মীৰ সংঘর্ষই তীব্র ৰূপ ধাৰণ কৰিছে৷ স্থানীয়সকলৰ অভিযোগ অনুসৰি, ৰোহিংগ্যাৰ ওপৰত ড্রোনেৰে আক্রমণ চলাইছে সেনাই৷ অৱশ্যে সেনাই এই আক্রমণৰ ঘটনা সন্দর্ভত কোনো মন্তব্য আগবঢ়োৱা নাই৷ কিন্তু আৰাকান আর্মীয়ে এই আক্রমণত জড়িত নাই বুলি এক বিবৃতি প্রকাশ কৰিছে৷ ৰাখাইন প্রদেশৰ মংদূত বিদ্রোহী আৰাকান আর্মীৰ সৈতে সেনাৰ তীব্র যুদ্ধ চলি আছে৷ উল্লেখনীয় যে ২০২১ চনত ম্যানমাৰত সেনা অভ্যুত্থানৰ পাছত দেশখনত পুনৰ সামৰিক চৰকাৰ গঠন হয়৷ বিগত প্রায় তিনি বছৰ ধৰি সামৰিক চৰকাৰৰ হাতত আছে ম্যানমাৰ৷ ইয়াৰ পাছতে গণতন্ত্র পুনৰ উদ্ধাৰৰ দাবীত বাৰে বাৰে বিদ্রোহ হৈছে দেশখনত৷ আনকি বিদ্রোহী সংগঠনসমূহে ঐক্যবদ্ধ হৈ সেনাৰ বিৰুদ্ধে যুঁজি আছে৷