নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক সীমান্ত অভিমুখে যাত্রা ১৫ হাজাৰ তালিবানৰ

🔹 আফগানিস্তানত বোমাবর্ষণৰ ‘প্রতিশোধ’ লোৱাৰ হুংকাৰ

নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : ৰাজনৈতিক স্বার্থত বছৰৰ পিছত বছৰ ধৰি তালিবানক সহায় কৰি আহিছে পাকিস্তানে৷ এতিয়া সেই তালিবানৰেই প্রত্যাঘাতৰ আশংকাত পৰিছে পাকিস্তান৷ আফগানিস্তানৰ পাকতিয়া প্রদেশত পাকিস্তানী বায়ুসেনাৰ আক্রমণৰ প্রতিশোধ ল’বলৈ কালি সীমান্ত অভিমুখে ৰাওনা হৈছে তালিবান সেনা৷ তালিবানৰ লক্ষ্য ইছলামাবাদ৷ বিভিন্ন সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, কালি কাবুল, কান্দাহাৰ, হেৰাটসহ আফগানিস্তানৰ বিভিন্ন প্রদেশৰ পৰা পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা সংলগ্ণ মীৰ আলি সীমান্তৰ দিশলৈ ৰাওনা হৈছে প্রায় ১৫ হাজাৰ তালিবান যোদ্ধা৷ অৱশ্যে চৰকাৰীভাৱে কোনোপক্ষই এই বিষয়টো এতিয়াও নিশ্চিত কৰা নাই৷ বৰদিনৰ পূর্বৰ নিশা আফগানিস্তানৰ পাকতিয়া প্রদেশত পাকিস্তানী বায়ুসেনাৰ বোমাবর্ষণত নিহত হৈছিল ৪৬গৰাকী লোক৷ আফগান সংবাদ মাধ্যমে দাবী কৰা অনুসৰি, গভীৰ নিশা চলোৱা এই বোমা আক্রমণত পাকতিয়াৰ বার্মাল জিলাৰ সাতখন গাঁৱত ৪৬গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য কেইবাজনো আহত হৈছে৷ এই আক্রমণৰ ফলত নিশ্চিহ্ণ হৈছে বার্মালৰ মুর্গ বাজাৰ নামৰ গাঁওখন৷ পৰহি সন্ধিয়ালৈকে ধ্বংসাৱশেষৰ পৰা মৃতদেহ আৰু আবদ্ধ হৈ থকা আহত লোকক উদ্ধাৰ কৰে স্থানীয় বাসিন্দাসকলে৷ আক্রমণৰ পিছতেই পাকিস্তানক প্রত্যাক্রমণৰ হুংকাৰ দিয়ে আফগানিস্তানৰ তালিবান চৰকাৰে৷ তালিবানে দাবী কৰা অনুসৰি, ৱাজিৰিস্তানৰ শৰণার্থী শিবিৰত থকা নিৰীহ লোকসকলক লক্ষ্য কৰি এই আক্রমণ চলাইছে পাকিস্তানী বায়ুসেনাই৷ আফগান প্রতিৰক্ষা মন্ত্রণালয়ৰ তৰফৰ পৰা হুংকাৰ দি কোৱা হৈছে যে নিজৰ ভূমি আৰু সার্বভৌমত্ব ৰক্ষাৰ বাবে এই আক্রমণৰ শীঘ্রেই প্রত্যুত্তৰ দিয়া হ’ব৷ লক্ষণীয়ভাৱে এই ঘটনাৰ ৪৮ ঘণ্টা পাৰ নৌহওঁতেই সীমান্ত অভিমুখে ৰাওনা হৈছে তালিবান যোদ্ধাসকল৷ স্মর্তব্য যে কেইমাহমান ধৰি পাকিস্তানী সেনাৰ ওপৰত আক্রমণ চলাই আহিছে পাক তালিবান টিটিপিয়ে৷ ইফালে, আফগানিস্তানত আক্রমণ চলাই আছে পাক সেনাই৷

You might also like