নাইজেৰিয়াত সন্ত্রাসবাদীৰ নির্বিচাৰ গুলীত নিহত ১৬১
🔹 ৰক্তাক্ত প্লাটিউ প্রদেশ : সাম্প্রদায়িক সংঘর্ষত উচটনি দিবলৈ পৰিকল্পিত হত্যাকাণ্ড
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : “নাইজেৰিয়াত সশস্ত্র জেহাদীৰ আক্রমণত শতাধিক লোক নিহত হৈছে৷ আফ্রিকান ৰাষ্ট্রখনৰ প্লাটিউ প্রদেশৰ কেইবাখনো গাঁৱত ধর্মীয় বিবাদৰ বাবে সশস্ত্র গোট এটাই নির্বিচাৰভাৱে আক্রমণ চলায়৷ স্থানীয় প্রশাসনৰ দাবী অনুসৰি এই পাশৱিক আক্রমণত ১৬১গৰাকী লোক নিহত হোৱাৰ উপৰি আহত হৈছে কমপক্ষেও ৩০০জন৷ ধর্মীয় আৰু সাম্প্রদায়িক উত্তেজনাত বিগত কেইবাবছৰ ধৰি জর্জৰিত হৈ আছে প্লাটিউ প্রদেশ৷ যিসমূহ অঞ্চলত সন্ত্রাসবাদী গোটে আক্রমণ চলাইছে, তাত বিভিন্ন ধর্মীয় সম্প্রদায়ৰ লোকে ওচৰা–উচৰিকৈ বাস কৰি আহিছে৷ স্থানীয় মুছলিম পশুপালক আৰু খ্রীষ্টান কৃষক সম্প্রদায়ৰ মাজত দীর্ঘদিন ধৰি চলি আহিছে বিবাদ৷ সাম্প্রদায়িক সংঘর্ষ সৃষ্টিৰ বাবেই উদ্দেশ্যপ্রণোদিতভাৱে এই আক্রমণ চলোৱা হৈছে বুলি প্রশাসনৰ সূত্রই সদৰী কৰিছে৷ স্থানীয়ভাৱে এই সন্ত্রাসবাদী গোটসমূহক ‘ডকাইত’ বুলি জনা যায়৷ ২০টা বিভিন্ন সম্প্রদায়ৰ ওপৰত শেহতীয়াকৈ এই ‘ডকাইত’বোৰে আক্রমণ চলাইছে৷ নির্বিচাৰ হত্যাৰ উপৰি এটা নির্দিষ্ট সম্প্রদায়ৰ মানুহৰ ঘৰ জ্বলাই দিয়া হৈছে বুলিও প্রশাসনৰ সূত্রই সদৰী কৰে৷ নতুনকৈ ধর্মীয় সংঘর্ষৰ ফলত অসংখ্য মানুহৰ মৃত্যুৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে নাইজেৰিয়াৰ বর্তমানৰ চৰকাৰ৷ চলিত বর্ষত কেইবাটাও আক্রমণৰ ঘটনাত বহু নিৰীহ লোকৰ মৃত্যু হৈছে৷ ইয়াৰ পিছতো প্রশাসনৰ তৰফৰ পৰা উপযুক্ত ব্যৱস্থা গ্রহণ কৰা নাই বুলি স্থানীয় লোকসকলে সঘনে অভিযোগ কৰি আহিছে৷ স্মর্তব্য যে ইয়াৰ কেইদিনমান পূর্বে নাইজেৰিয়াৰ সেনাৰ ড্রোন বিস্ফোৰণত ৮৫গৰাকী লোক নিহত হৈছিল৷