নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্রতলিত জাহাজত উদ্ধাৰ ১৭৫ বছৰ পুৰণি চেম্পেইনৰ ভাণ্ডাৰ

🔹 সমুদ্রৰ ১৯০ ফুট গভীৰত আৰু কি পালে ব্রিটিছ ডুবাৰুৱে

নিউজ ডেস্ক, ২৯ জুলাই : সমুদ্র অভিযানত আৱিষ্কাৰ হ’ল গুপ্তধনৰ ভাণ্ডাৰ৷ ঊনবিংশ শতাব্দীত ডুবি যোৱা এখন জাহাজৰ সন্ধান পালে ব্রিটেইনৰ এদল ডুবাৰুৱে৷ জাহাজৰ সন্ধান চলাই মূল্যৱান সামগ্রীৰ লগতে পোৱা গ’ল ১৭৫ বছৰৰ পুৰণি প্রচুৰ চেম্পেইনৰ বটল৷ এশ বছৰতকৈ অধিককাল ধৰি সমুদ্রৰ তলত পৰি থকা এই চেম্পেইনৰ মূল্য কিমান বেছি সেয়া কল্পনা কৰিব নোৱাৰি৷ যোৱা ১১ জুলাইত বাল্টিক সাগৰত অৱস্থিত ওলান দ্বীপৰ দক্ষিণৰ পৰা প্রায় ২০ নটিকেল মাইল দূৰত্বত দুজন ডুবাৰুৱে দুঘণ্টা ধৰি অনুসন্ধান চলাইছিল৷ তেতিয়াই ডুবাৰু দুজনৰ নজৰলৈ আহে এই জাহাজখন৷ এটা ডাইভিং গ্রুপৰ সদস্য আছিল ডুবাৰু দুজন৷ বিষয়টো নজৰত পৰাৰ লগে লগে নিজৰ গ্রুপক জনাই দিয়ে তেওঁলোকে৷ ইয়াৰ পিছতে ৪০জন ডুবাৰু হাজিৰ হয় ঘটনাস্থলীত৷ এই ডুবাৰু দলৰ প্রধান টমছ ষ্টাছুৰাই উল্লেখ কৰা অনুসৰি, সমুদ্রৰ প্রায় ১৯০ ফুট গভীৰত পৰি থকা জাহাজখনত সন্ধান চলাই পোৱা গৈছে ছেল্টাৰ নামৰ এক জার্মান ব্রেণ্ডৰ মিনাৰেল ৱাটাৰৰ বটল আৰু প্রচুৰ পৰিমাণৰ চেম্পেইনৰ বটল৷ ১৯ শতিকাৰ এই জাহাজখন কার্যতঃ স্বাভাৱিক অৱস্থাতেই আছে৷ চেম্পেইন আৰু পানীৰ বটলবোৰ বৃহৎ বৃহৎ মোনাত ভৰাই ৰখা আছিল৷ লক্ষণীয় বিষয়টো হৈছে জাহাজখনত পোৱা গৈছে মাটিৰে প্রস্তুত কৰা বিভিন্ন বাচন–পত্র৷ এই মাটিৰ বাচন যিটো সংস্থাই প্রস্তুত কৰিছিল, সেই সংস্থাটো এতিয়াও আছে৷ সংস্থাৰ তৰফৰ পৰা ইতিমধ্যে এই কথা স্বীকাৰ কৰা হৈছে৷ অৱশ্যে চেম্পেইনবোৰ কোন সংস্থাৰ, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ বটলবোৰ ১৮৫০ৰ পৰা ১৮৬৭ চনৰ ভিতৰত প্রস্তুত কৰা বুলি জানিব পৰা গৈছে৷

You might also like