নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ভয়াৱহ বিমান দুৰ্ঘটনাত ১৯জন নিহত, আছিল ৬৪ আৰোহী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ ৱাশ্বিংটন ডি চিৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ প’ট’মেক নদীত এখন যাত্ৰীবাহী বিমানে আমেৰিকাৰ সামৰিক হেলিকপ্টাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই বিমানখনত প্ৰায় ৬৪জন লোক আছিল, ইয়াৰে ৪জন আছিল ক্ৰু মেম্বাৰ। বিএনঅ’ৰ প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাৰ পিছত ৪জন লোককো উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযানৰ সময়ত নদীখনৰ পৰা উদ্ধাৰ হৈছে ১৯জন লোকৰ মৃতদেহ। অৱশ্যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। এই আমেৰিকান এয়াৰলাইন্সৰ বিমানখন কেনছাছৰ উইচিটাৰ পৰা ৱাশ্বিংটন ডি চি অভিমুখে গৈ আছিল। এই বিমানখনে ৰানৱেত অৱতৰণ কৰাৰ সময়ত এখন সামৰিক হেলিকপ্টাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, বিমানখন হঠাতে সোঁফালে হেলনীয়া হোৱাৰ পিছত জুই লাগে আৰু দ্ৰুতগতিত নদীত পৰি যায়। ৱাশ্বিংটন ডিচি আৰক্ষীয়ে স্পষ্ট কৰি দিয়ে যে হেলিকপ্টাৰখন দুৰ্ঘটনাত জড়িত নহয়। এই জৰুৰীকালীন অৱস্থাত সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ এমপিডিয়ে অন্যান্য সংস্থাসমূহৰ সৈতে কাম কৰি আছে। ঘটনাৰ সময়ত উপস্থিত থকা একাংশ প্ৰত্যক্ষদৰ্শীয়ে চিএনএনক জনাইছে যে যেতিয়া আমি বিমানখন দেখিছিলো তেতিয়া ইয়াক স্বাভাৱিক যেন লাগিছিল। কিন্তু কেইছেকেণ্ডমানৰ ভিতৰতে ই ৯০ ডিগ্ৰীতকৈ অধিক হেলনীয়া হৈ পৰিছিল আৰু তাৰ তলৰ পৰা স্ফুলিংগ ওলাবলৈ ধৰিছিল। তাৰ পিছত হঠাতে তাৰ পিছত জুই লাগে। দুৰ্ঘটনাৰ পিছতে আমেৰিকান এয়াৰলাইন্সৰ চিইঅ’ৱে দুৰ্ঘটনা সম্পৰ্কে এটা ভিডিঅ’ প্ৰকাশ কৰে। তেওঁ কয় যে দুৰ্ঘটনাটোত জড়িত লোকসকলক লৈ মই চিন্তিত। আমাৰ কোম্পানী যিকোনো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু। ইয়াৰ বাবে আপুনি আমেৰিকান এয়াৰলাইন্সৰ টোল ফ্ৰী নম্বৰ ৮০০-৬৭৯-৮২১৫ ফোন কৰিব পাৰে।

You might also like