নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্তুগালৰ পথত ২২ লাখ লিটাৰ ৰেড ৱাইন

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : সুৰাৰ বন্যা শুনিবলৈ অবিশ্বাস্য যদিও এই ঘটনা ঘটিছে পৰ্তুগালত৷ ভাইৰেল হৈ পৰিছে পথত ৰেড ৱাইনৰ স্রোতৰ ভিডিঅ’৷ পৰ্তুগালৰ ক্ষুদ্র চহৰ ছাও লোৰেনো ডি বাইৰোত দেখিবলৈ পোৱা গ’ল এই দৃশ্য৷ ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ই ইতিমধ্যে জ্বৰ তুলিছে৷ ক্ষুদ্র চহৰখনৰ বাসিন্দা দুহেজাৰ৷ চহৰখনত ৱাইনভর্তি দুটা টেংক ফাটি এনেদৰে পথেৰে বৈ গৈছে ৰেড ৱাইন৷ প্রায় ২২ লাখ লিটাৰ ৰেড ৱাইন এনেদৰে পথেৰে বৈ গৈছে৷ অলিম্পিক ছাইজৰ কোনো ছুইমিং পুল ভর্তি কৰিব পৰা যায় এই বিপুল পৰিমাণৰ ৰেড ৱাইনেৰে৷ ইয়াৰ সমীপতে আছে ছার্টিমা নদী৷ নদীত যাতে এই ৰেড ৱাইন মিহলি হ’ব নোৱাৰে, তাৰ বাবে তাৎক্ষণিকভাৱে কাম–কাজ আৰম্ভ কৰিছে প্রশাসনে৷ ৰেড ৱাইনৰ এই বন্যাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে বিভিন্নজনে ৰসিকতাপূর্ণ মন্তব্য কৰিছে৷ ইফালে, সুৰাসক্তসকলে এনে ঘটনাক লৈ আক্ষেপ প্রকাশ কৰাও পৰিলক্ষিত হৈছে৷

You might also like