২.৪২ লাখ একৰ ভূমি ক্রয় বিল গেটছৰ সংস্থাৰ
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ মাইক্র’ছফ্টৰ সহ–প্রতিষ্ঠাতা বিল গেটছে আমেৰিকাৰ ১৮খন প্রদেশত ভূমি ক্রয় কৰিছে৷ ফ’নিক্সৰ বাহিৰত ২৪,৮০০ একৰতকৈ অধিক ভূমি ক্রয় কৰিছে বিল গেটছে৷ গেটছৰ কেছকেড ইনভেষ্টমেণ্ট এল এল চিৰ নামত এই ভূমি ক্রয় কৰা হৈছে৷ এক প্রতিবেদনত সদৰী হৈছে এই তথ্য৷ সমগ্র আমেৰিকাত ২ লাখ ৪২ হাজাৰ একৰ ভূমি বিল আৰু মেলিণ্ডা গেটছে নিজ সংস্থাৰ নামত লৈ কৃষি ক্ষেত্রত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লৈছে৷
মুহূর্তৰ ভিতৰতে আমেৰিকাত আটাইতকৈ আঢ়্যৱন্ত কৃষক হিচাপে চিহ্ণিত হৈছে বিল গেটছ৷ লুইছিয়ানা, আর্কানছাছ, নেব্রাছক্সা আদি প্রদেশত হাজাৰ হাজাৰ একৰ কৃষিভূমি ক্রয় কৰি বিল গেটছে কি বিষয়ত গুৰুত্ব প্রদান কৰিব বিচাৰিছে তাক লৈ অৱশ্যে চর্চা অব্যাহত আছে দেশখনত৷ স্মর্তব্য যে মাত্র এবছৰ পূর্বে ক্ষুদ্র কৃষকসকলক সহায় কৰাৰ বাবে উন্নয়নশীল দেশবোৰত বিল আৰু মেলিণ্ডাই এক স্বেচ্ছাসেৱী সংস্থা গঢ়ি তুলিছিল৷