ট্রাম্প -ৰ হোটেলত বিনিয়োগ কৰিলে দুগুণ আয় !
🔹 ট্রাম্প -ৰ হোটেলত বিনিয়োগ কৰিলে দুগুণ আয় !
🔹 এআই ভিডিঅ’ দেখুৱাই ২ কোটি টকা প্রতাৰণা
নিউজ ডেস্ক, ২৭ মে’ : মোৰ হোটেলত বিনিয়োগ কৰক, দুগুণ আয় হ’ব৷- ছ’চিয়েল মিডিয়াত এই কথা উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে! এই কথাত বিশ্বাস কৰি লাখ লাখ টকা বিনিয়োগ কৰিলে কর্ণাটকৰ দুই শতাধিক লোকে৷ শেষত দেখিবলৈ পোৱা গ’ল যে এয়া এক অপৰাধী চক্রৰ জাল৷ প্রতাৰিত হ’ল এই দুই শতাধিক লোক৷ সেয়া আকৌ ট্রাম্প নহয়, ট্রাম্পৰ এআইৰ ভিডিঅ’ বনাইহে ২ কোটি টকাৰ প্রতাৰণা কৰিলে অপৰাধী চক্রই৷
এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ বাতৰি যুগুতোৱা পৰলৈ কোনো লোকক গ্রেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷ ইতিমধ্যে আৰক্ষী নিশ্চিত হৈছে যে এআই ব্যৱহাৰ কৰি ট্রাম্পৰ ভিডিঅ’টো বনোৱা হৈছিল৷ এই ভিডিঅ’ত ট্রাম্পে তেওঁৰ মালিকানাধীন হোটেলবোৰত ধন বিনিয়োগৰ আহ্বান জনাইছিল সাধাৰণ জনতাক৷ এই ধন দুগুণ হ’ব বুলিও ট্রাম্পে প্রলোভন দিছিল৷ প্রতাৰকে অতি কৌশলেৰে পেলাইছিল এই জাল৷ আৰম্ভণিতে ডেৰ হাজাৰ টকা বিনিয়োগ কৰিলে প্রতিদিনে ৩০ টকাকৈ ওভতাই দিয়া হৈছিল৷
লক্ষণীয়ভাৱে আৰম্ভণিতে বিনিয়োগতকৈ অধিক ধন বহুতে লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু পিছত এয়া যে এক ভয়ংকৰ প্রতাৰণা, সেই কথা পোহৰলৈ আহে৷ অতিৰিক্ত আয়ৰ লোভত একাংশ লোকে বৃহৎ অংকৰ ধন বিনিয়োগ কৰিবলৈ ধৰে৷ কিন্তু এই বৃহৎ অংকৰ ধন যেতিয়াই বিনিয়োগ কৰিবলৈ লৈছে, তাৰ পিছতে গ্রাহকসকলে ধন ওভতাই পাবলৈ সক্ষম হোৱা নাই৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি অপৰাধী চক্রই মুঠ ২ কোটি টকা এনেদৰে প্রতাৰণা কৰিছে ২০০গৰাকী গ্রাহকৰ৷