ভূমিকম্পত ফাট মেলিল দেৱালত-সুযোগ বুজি কাৰাগাৰ ভাঙি পলাল ২০০ বন্দী
পাকিস্তানৰ কৰাচীত অভাৱনীয় ঘটনা : পলায়নৰ সময়ত এজনৰ মৃত্যু
ভূমিকম্পত ফাট মেলিল দেৱালত-সুযোগ বুজি কাৰাগাৰ ভাঙি পলাল ২০০ বন্দী
নিউজ ডেস্ক, ৪ জুন : কথাতে কয় ‘কাৰোবাৰ সর্বনাশে কাৰোবালৈ কঢ়িয়াই আনে সৌভাগ্য’৷ এই প্রবাদৰ বাস্তৱ প্রতিফলন দেখিবলৈ পোৱা গ’ল পাকিস্তানৰ এখন কাৰাগাৰত৷
কালি গভীৰ নিশা ভূমিকম্পত কঁপি উঠিছিল পাকিস্তানৰ বন্দৰ নগৰী কৰাচী৷ ইয়াৰ ফলত কৰাচীৰ মালিৰ কাৰাগাৰৰ দেৱালত ফাট মেলে৷ ইয়াৰ সুযোগ লৈ দেৱাল ভাঙি পলায়ন কৰে ২০০ বন্দীয়ে৷ পলায়ন কৰাৰ সময়ত এজন বন্দীৰ মৃত্যুও হৈছে৷
কাৰাগাৰ কর্তৃপক্ষই এই খবৰ নিশ্চিত কৰিছে৷ জানিব পৰা গৈছে যে পলায়ন কৰা বন্দীসকলৰ অধিকসংখ্যকেই আছিল বিচাৰাধীন৷ ড্রাগ্ছৰ গোচৰত তেওঁলোকৰ বিচাৰ প্রক্রিয়া চলি আছিল৷ ইয়াৰ ভিতৰত কেইবাজনো বন্দীৰ মানসিক অৱস্থা অস্থিৰ আছিল, যাৰ বাবে তেওঁলোকৰ সঘনে কাউন্সেলিং হৈ আছিল৷
এটা ভূমিকম্পৰ বাবেই এই অপৰাধীসকলে পুনৰ স্বাভাৱিক জীৱনলৈ উভতি অহাৰ যিবোৰ মানৱীয় প্রক্রিয়াৰে আগবাঢ়ি আছিল, তাৰ পৰা যেন পৰিত্রাণ পালে৷ উল্লেখনীয় যে কালি নিশা দুবাৰ ভূমিকম্পত কঁপি উঠিছিল কৰাচী৷ ৰিখটাৰ স্কেলত কম্পনৰ মাত্রা যদিও ২.৬ আৰু ২.৮ আছিল, তথাপি কাৰাগাৰৰ দেৱালত ফাট মেলিছিল৷ তেতিয়াই ইয়াৰ সুযোগ লয় বন্দীসকলে৷