ব্রিটিছ মিউজিয়ামৰ পৰা ২০০০ শৈল্পিক সামগ্রী চুৰি
বিশেষ বাৰ্তা, ২৯ আগষ্ট : খ্রীষ্টপূর্ব পঞ্চদশ শতাব্দীৰ পৰা ১৯ শতিকালৈ ব্রিটিছ মিউজিয়ামৰ পৰা চুৰি হৈছে কমপক্ষেও দুহেজাৰবিধ শৈল্পিক সামগ্রী৷ বিগত কেইবছৰমান ধৰি সেই দুষ্প্রাপ্য শৈল্পিক সামগ্রী দেখা গৈছে অনলাইনত বিভিন্ন ক্রয়–বিক্রয়ৰ ৱেবছাইটত৷ অৱশেষত সেই সামগ্রীবোৰ চিনাক্ত কৰি উদ্ধাৰৰ চেষ্টা চলোৱা হৈছে৷ ব্রিটিছ সংগ্রহালয় কর্তৃপক্ষই শেহতীয়াকৈ এই কথা সদৰী কৰিছে৷ বিশ্বৰ অন্যতম জনপ্রিয় এই মিউজিয়ামৰ অধ্যক্ষ তথা ব্রিটেইনৰ প্রাক্তন বিত্তমন্ত্রী জর্জ অছব’র্নে সংবাদ মাধ্যমক জনাইছে যে চুৰি হোৱা ২০০০বিধ শৈল্পিক সামগ্রীৰ যথেষ্টসংখ্যক ইতিমধ্যে উদ্ধাৰ কৰাটো সম্ভৱ হৈছে৷ এইক্ষেত্রত বহু লোকে সততাৰ পৰিচয় দি দুষ্প্রাপ্য শৈল্পিক সামগ্রীবোৰ ওভতাই দিয়া বুলিও উল্লেখ কৰে অছব’র্নে৷ উল্লেখ্য যে চুৰি হোৱা সামগ্রীসমূহৰ ভিতৰত সোণ আৰু বহু মূল্যৱান পাথৰৰ অলংকাৰো আছে৷