২০২৫ত পৃথিৱীৰে ভয়াৱহ সংঘর্ষৰ সৃষ্টি হ’ব পাৰে বিশাল গ্রহাণুৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ ভৱিষ্যদ্বাণী বুলি ক’লেই সকলোতকৈ আগত মনত পৰিব ফৰাচী দার্শনিক নস্ত্রাডামুছৰ কথা৷ প্রায় ৪৫০ বছৰ পূর্বে ফৰাচী এই দার্শনিকগৰাকীয়ে যি ভৱিষ্যদ্বাণী কৰি গৈছিল তাৰ বহু কথাই মিলিছে৷ হিটলাৰৰ উত্থানৰ পৰা ৯/১১লৈকে বিভিন্ন ভৱিষ্যদ্বাণী ৪৫০ বছৰ পূর্বেই কৰি থৈ গৈছিল নস্ত্রাডামুছে৷ ১৫৫৫ চনত দার্শনিকগৰাকীৰ গ্রন্থ ‘লেছ প্রফেটিছ’ প্রকাশ পাইছিল৷ এই গ্রন্থখনতে আছিল সকলো ভৱিষ্যদ্বাণী৷ ২০২৫ চনত পৃথিৱীত কি হ’ব সেই সন্দর্ভতো ভৱিষ্যদ্বাণী কৰি গৈছে নস্ত্রাডামুছে৷ বর্ষটোত প্লেগৰ প্রকোপৰ পৰা আৰম্ভ কৰি গ্রহাণুৰ সৈতে পৃথিৱীৰ সংঘর্ষলৈ বিভিন্ন ভৱিষ্যদ্বাণী কৰি গৈছে দার্শনিকগৰাকীয়ে৷ নস্ত্রাডামুছে দাবী কৰা অনুসৰি আগন্তুক বর্ষটোত ব্রিটেইনত প্লেগৰ দৰে ব্যাধিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিব৷ অনুৰূপ ভৱিষ্যদ্বাণী ২০১৯ চনৰ বাবেও কৰিছিল নস্ত্রাডামুছে৷ লক্ষণীয়ভাৱে বর্ষটোত আৰম্ভ হৈছিল ক’ভিড–১৯৷ ইয়াৰ উপৰি আগন্তুক বর্ষটোত পৃথিৱীৰ সৈতে এটা গ্রহাণুৰ সংঘর্ষ সৃষ্টি হ’ব নাইবা প্রায় সংঘর্ষৰ পৰিস্থিতিয়ে দেখা দিব বুলি নস্ত্রাডামুছে গ্রন্থত লিখি গৈছে৷ দার্শনিকগৰাকীৰ মতে, মহাকাশৰ পৰা এটা অগ্ণিপিণ্ডৰ উদয় হ’ব৷ ইয়াৰ উপৰি ৰাছিয়া–ইউক্রেইনৰ পৰিণতি সন্দর্ভতো ভৱিষ্যদ্বাণী কৰিছে নস্ত্রাডামুছে৷ দার্শনিকগৰাকীয়ে দাবী কৰা অনুসৰি ২০২৫ চনত দুয়োখন দেশৰ মাজত চলা সংঘর্ষ অন্ত পৰিব৷ মূলতঃ অর্থ সংকট আৰু অস্ত্র–শস্ত্রৰ অভাৱৰ বাবেই দুয়োখন দেশেই যুদ্ধ বন্ধ কৰিব বুলি মন্তব্য কৰিছে নস্ত্রাডামুছে৷ ইফালে ফ্রান্স আৰু তুৰস্কৰ যুদ্ধই আগন্তুক বর্ষটোত নতুন ৰূপ ধাৰণ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে দার্শনিকগৰাকীয়ে৷ ইয়াৰ উপৰি জলবায়ু পৰিৱর্তনৰ ফলত প্রবল অগ্ণ্যুৎপাত আৰু বানে ব্রাজিলত তাণ্ডৱ সৃষ্টি কৰিব বুলি গ্রন্থখনত লিখি থৈ গৈছে৷