২০৩৬ চনৰ অলিম্পিক ভাৰতত !
🔹 সর্ববৃহৎ ক্রীড়া মহোৎসৱৰ বাবে প্রস্তুতি আৰম্ভ
বিশেষ বাৰ্তা, ১৭ আগষ্ট : সামৰণি পৰিল পেৰিছ অলিম্পিকৰ৷ পৰৱর্তী দুখন অলিম্পিকৰ স্থান ইতিমধ্যে নির্ধাৰণ কৰা হৈছে৷ ইয়াৰ পিছত ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰত৷ বৃহস্পতিবাৰে লালকিল্লাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে ২০৩৬ চনৰ অলিম্পিকৰ বাবে ভাৰতে প্রস্তুতি আৰম্ভ কৰিছে৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱখন ভাৰতত আয়োজন কৰিব পৰাকৈ সকলো সা–সুবিধা আছে বুলি তেওঁলোকে প্রমাণ কৰিছে৷ ভাৰতৰ লগতে ছৌদি আৰব, কাটাৰ আৰু তুৰস্কই ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ দৌৰত নামিছে৷ অহা বছৰৰ নির্বাচনৰ পিছত ২০৩৬ চনৰ অলিম্পিকৰ বাবে আয়োজক দেশৰ নাম ঘোষণা কৰিব আন্তঃৰাষ্ট্রীয় অলিম্পিক সংস্থাই৷ মোদীয়ে কয় যে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাটো ভাৰতৰ সপোন৷ আমি ইয়াৰ প্রস্তুতি আৰম্ভ কৰিছোঁ৷ সমগ্র বিশ্বই দেখিছে যে ভাৰতে জি–২০ বৈঠক কিমান ভালদৰে আয়োজন কৰিছিল৷ ইয়াৰ দ্বাৰা প্রমাণিত হৈছে যে ভাৰতত যিকোনো বৃহৎ প্রতিযোগিতা আয়োজন কৰাৰ ক্ষমতা আছে৷ ভাৰতে অলিম্পিক আয়োজন কৰাত স্বয়ং আইঅ’চিৰ সভাপতি থমাছ বাচে সমর্থন কৰিছে৷ ইফালে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে পেৰিছ অলিম্পিকত অংশগ্রহণ কৰা ভাৰতীয় দলক সাক্ষাৎ কৰে৷ প্রধানমন্ত্রীয়ে বৃহস্পতিবাৰে দিল্লীত থকা তেওঁৰ বাসগৃহ ৭, লোক কল্যাণ মার্গত পেৰিছ অলিম্পিকৰ ভাৰতীয় দলটোক সাক্ষাৎ কৰে৷ বৈঠকৰ সময়ত ভাৰতীয় পুৰুষ হকী দলে প্রধানমন্ত্রী মোদীক এটা স্বাক্ষৰিত জার্ছী আৰু হকী ষ্টিক প্রদান কৰে৷ ভাৰতীয় দলটোক সাক্ষাৎ কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁৰ বাসগৃহত ভাৰতীয় খেলুৱৈক আতিথ্য দিয়াটো তেওঁৰ বাবে এক সন্মানৰ বিষয়৷ প্রধানমন্ত্রী মোদীয়ে খেলুৱৈসকলৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰে৷ ইয়াৰ পিছতে মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে– ‘পেৰিছ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে কথা পতাটো এক বিশেষ মুহূর্ত৷ তেওঁলোকৰ খেলাৰ অভিজ্ঞতা শুনিলোঁ৷ সকলোৰে অংশগ্রহণৰ শলাগ লোৱা হৈছে৷ পেৰিছত অংশগ্রহণ কৰা সকলোৱেই চেম্পিয়ন৷ ভাৰত চৰকাৰে তেওঁলোকক সহায়–সহযোগিতা কৰি উন্নতমানৰ আনঃগাঁথনি নির্মাণ কৰিব বুলি আশা কৰা হৈছে৷’ উল্লেখ্য যে স্বাধীনতা দিৱসৰ অনুষ্ঠানত পেৰিছ অলিম্পিকত পদক জয়ী মনু ভাকেৰ, পি আৰ শ্রীজেশৰ উপৰি আন ভালেকেইজন খেলুৱৈ উপস্থিত থাকে৷