নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰাদাবাদত থকা ২২ পাকিস্তানী মহিলাক খেদাৰ তৎপৰতা

📌 কঠোৰ পদক্ষেপ গ্রহণ দিশে চৰকাৰ

নিউজ ডেস্ক, ৬ মে’ : কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণৰ পিছতে পাকিস্তানী নাগৰিকসকলৰ ভিছা বাতিল কৰিছে ভাৰতে৷ ইয়াৰ ফলত ভাৰতত থকা পাকিস্তানী নাগৰিকসকলে গৃহভূমিলৈ প্রত্যাৱর্তন কৰিবলগীয়া হৈছে৷ দীর্ঘম্যাদী ভিছা লৈ ভাৰতত থকা পাক নাগৰিকসকলৰ ওপৰতো প্রশাসনৰ নজৰ পৰিছে৷ ইয়াৰ মাজতে উত্তৰ প্রদেশৰ মোৰাদাবাদত কেইবাদশক ধৰি বাস কৰি থকা ২২গৰাকী পাকিস্তানী মহিলাৰ ওপৰত প্রশাসনৰ নজৰ পৰিছে৷ এই ২২ মহিলাৰ আছে এশ সন্তান৷ ইয়াৰ উপৰি দুজন পাক পুৰুষো আছে একেলগে৷ ভাৰতীয়ৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ভাৰতলৈ অহা এই লোকসকলক এতিয়া গৃহভূমিলৈ ওভতাই পঠিওৱাৰ তৎপৰতা গ্রহণ কৰিছে উত্তৰ প্রদেশ চৰকাৰে৷

You might also like