নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খহি পৰিল দুমহলীয়া বিদ্যালয় ভৱন : ২২ শিক্ষার্থীৰ কৰুণ মৃত্যু

বিশেষ বাৰ্তা, ১৪ জুলাই : ক্লাছ চলি থকা সময়তে বিদ্যালয়ৰ দুমহলীয়া অট্টালিকা খহি পৰি কমেও ২২গৰাকী শিক্ষার্থী নিহত হৈছে৷ ঘটনাটো নাইজেৰিয়াৰ প্লেটু নামৰ ৰাজ্যখনৰ৷ ৰাষ্ট্রখনৰ নেচনেল ইমাৰজেঞ্চী মেনেজমেণ্ট এজেঞ্চীয়ে জনোৱা মতে শুকুৰবাৰে সংঘটিত দুর্ঘটনাটোৰ সময়ত বিদ্যালয়খনত প্রায় ২০০গৰাকী ছাত্র–ছাত্রী আছিল৷ বিদ্যালয় ভৱনটোৰ দুর্বল আন্তগাঁথনিৰ বাবে শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি নাইজেৰিয়াৰ ইমাৰজেঞ্চি মেনেজমেণ্ট এজেঞ্চীটোৱে সদৰী কৰিছে৷ বিদ্যালয়খন নৈ এখনৰ অতি নিকটত অৱস্থিত৷ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি তেনেধৰণৰ বিদ্যালয় বন্ধ কৰিবলৈ প্রশাসনৰ তৰফৰ পৰা নির্দেশ দিয়া হৈছে৷ ইফালে, ঘটনাটোত ৭০ৰো অধিক ছাত্র–ছাত্রী আহত হোৱা বুলি প্রকাশ পাইছে৷ আহতসকলক ততাতৈয়াকৈ নিকটৱর্তী হাস্পতালত ভর্তি কৰোৱা হয়৷ ইয়াৰ উপৰি ধ্বংসস্তূপৰ মাজত শতাধিক ছাত্র–ছাত্রী সংকটৰ মাজত বন্দী হৈ আছিল বুলি জানিব পৰা গৈছে৷ আর্তনাদৰ পম খেদি এই তথ্য সদৰী কৰা হৈছে৷

You might also like