নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রমিকৰ বেংক একাউণ্টত সোমাল ২২১ কোটি টকা !

🔹 উত্তৰ প্রদেশৰ ঘটনাক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা,  ২১ অক্টোবৰ : উত্তৰ প্রদেশৰ এজন শ্রমিকৰ বেংক একাউণ্টত সোমাইছিল টকা৷ এটকা–দুটকা বা হাজাৰ–লাখ নহয়, একেবাৰে ২২১ কোটি টকা জমা হৈছে শ্রমিকজনৰ একাউণ্টত৷ কিন্তু এই বিপুল অংকৰ ধনৰ লেনদেনৰ কথা নাজানে শ্রমিকজনে৷ আয়কৰ বিভাগৰ জাননী পোৱাৰ পিছতহে শ্রমিকজনে জানিবলৈ পালে এই কথা৷ আয়কৰৰ জাননী পোৱাৰ পিছতে সংকটৰ সন্মুখীন হৈছে উত্তৰ প্রদেশৰ লালগঞ্জ থানাৰ অন্তর্গত বর্তানিয়া গাঁৱৰ বাসিন্দা শিৱপ্রসাদ নিশাদ৷ কেইদিনমান পূর্বে শিৱপ্রসাদ নিশাদৰ ওচৰলৈ আহে আয়কৰ বিভাগৰ জাননী৷ তাত উল্লেখ কৰা হৈছে যে নিশাদৰ বেংক একাউণ্টত ২২১ কোটি ৩০ লাখ ৭ টকা আছে৷ এই ধন ক’ৰ পৰা আহিলে, তাক জানিবলৈ আয়কৰ বিভাগে কার্যালয়ত হাজিৰ হ’বলৈ নির্দেশ দিয়ে নিশাদক৷ ইয়াৰ পিছতে নিশাদে স্থানীয় থানাত অভিযোগ কৰে তেওঁ এই ধন সন্দর্ভত একো নাজালে৷ অৱশ্যে কেইবছৰমান পূর্বে তেওঁৰ পানকার্ড হেৰুৱাইছিল৷ পানকার্ডৰ অপব্যৱহাৰ কৰি কোনোবাই এই টকা একাউণ্টত জমা থোৱা বুলি সন্দেহ কৰিছে নিশাদে৷ কালি আয়কৰৰ কার্যালয়ত হাজিৰ হয় নিশাদ৷

You might also like