২৪৫ শতাংশ :চীনৰ বিৰুদ্ধে নজিৰবিহীন শুল্ক
🔹 মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ ওচৰত শিৰনত নকৰে বেইজিঙে
নিউজ ডেস্ক, ১৭ এপ্রিল : আমেৰিকা আৰু চীনৰ শুল্ক যুদ্ধই অধিক জটিল ৰূপ ধাৰণ কৰিছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ একপক্ষীয় শুল্ক বৃদ্ধিক প্রত্যাহ্বান জনাই চীনেও আমেৰিকাৰ সামগ্রীৰ ওপৰত প্রতিশুল্ক আৰোপ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ইয়াৰ মাজতে এইবাৰ ৱাশ্বিংটন প্রশাসনে চীনৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ এইবাৰ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ প্রশাসনে চীনা পণ্যৰ ওপৰত শুল্কৰ পৰিমাণ ১৪৫ শতাংশৰ পৰা ২৪৫ শতাংশলৈ বৃদ্ধি কৰাৰ বার্তা দিছে৷ হোৱাইট হাউছৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ হোৱাইট হাউছৰ প্রেছ সচিব কেৰোলিন লেভিটে উল্লেখ কৰে যে আমেৰিকাৰ পণ্যৰ ওপৰত চীনে প্রতিশোধমূলকভাৱে প্রতিশুল্ক আৰোপ কৰিছে৷ গতিকে দেশখনৰ সামগ্রীৰ ওপৰত অধিক শুল্ক আৰোপৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ যদি চীনে আমেৰিকাৰ সামগ্রীৰ ওপৰত আৰোপ কৰা শুল্ক প্রত্যাহাৰ নকৰে, তেন্তে দেশখনৰ বিৰুদ্ধে অধিক কঠোৰ অৱস্থান গ্রহণ কৰা হ’ব বুলি প্রেছ সচিবগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷ বিবৃতিত উল্লেখ কৰা হৈছে যে চীনৰ প্রতিশোধমূলক শুল্কৰ মোকাবিলা কৰিবলৈ ২৪৫ শতাংশ শুল্ক চীনা সামগ্রীৰ ওপৰত আৰোপ কৰা হ’ব পাৰে৷ লক্ষণীয়ভাৱে ট্রাম্পে আমদানিকৃত চীনা পণ্যৰ পৰা জাতীয় নিৰাপত্তাৰ বিপদ সন্দর্ভত অনুসন্ধানৰ কথা ঘোষণা কৰাৰ পাছতেই এই সকীয়নি দিয়া হৈছে বেইজিং প্রশাসনক৷ কোবাল্ট, লিথিয়াম আৰু নিকেল তথা স্মার্টফোন আৰু বেটেৰী প্রস্তুতত ব্যৱহূত বিৰল ধাতুৰ লগতে সামৰিক সৰঞ্জাম আমেৰিকালৈ ৰপ্তানিৰ ক্ষেত্রত চীনে বিধি–নিষেধ আৰোপ কৰা বুলি খবৰ প্রকাশ পাইছে৷ ইয়াৰ পাছতে কঠোৰ হৈ পৰিছে ট্রাম্প প্রশাসন৷ নতুন শুল্ক নীতিক লৈ বিশ্বজুৰি প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছত ট্রাম্পে ৯০ দিনলৈ এই শুল্ক আৰোপৰ সিদ্ধান্ত স্থগিত ৰাখিছিল যদিও চীনৰ বিৰুদ্ধে ১২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল৷ ১০ এপ্রিলত ট্রাম্পে চীনা সামগ্রীৰ ওপৰত শুল্ক ১৪৫ শতাংশলৈ বৃদ্ধি কৰে৷ ১২ এপ্রিলত আমেৰিকাৰ পণ্যৰ ওপৰত চীনে ৮৪ শতাংশৰ পৰা শুল্কৰ পৰিমাণ ১২৫ শতাংশলৈ বৃদ্ধি কৰিছিল৷ ইয়াৰ পাছতে আমেৰিকান সংস্থা ব’য়িঙৰ বিমান ক্রয় নকৰাৰ সিদ্ধান্ত লৈছে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে৷ ইতিমধ্যে ৰাষ্ট্রপতিগৰাকীয়ে চীনৰ উৰণ সংস্থাসমূহক এই সন্দর্ভত কঠোৰ নির্দেশ দিছে৷ ইয়াৰ পাছতেই ট্রাম্প প্রশাসনে চীনা সামগ্রীৰ ওপৰত শুল্কৰ হাৰ ২৪৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছে৷ লগে লগে এই বিষয়টোক লৈ চীনৰ অভ্যন্তৰত সৃষ্টি হৈছে প্রতিক্রিয়া৷ চীনৰ বাণিজ্যিক মন্ত্রালয়ে ঘোষণা কৰিছে যে ট্রাম্পৰ এনে একপক্ষীয় সিদ্ধান্ত তথা ভাবুকিক কোনো কাৰণতে মানি লোৱা নহ’ব৷ আলোচনা কৰিব বিচাৰিলে আমেৰিকা সন্মানসহকাৰে আগবাঢ়িব লাগিব বুলিও স্পষ্ট কৰি দিছে বেইজিং প্রশাসনে৷ লক্ষণীয়ভাৱে দুয়োখন দেশৰ মাজত এক অঘোষিত বাণিজ্যিক যুদ্ধই এতিয়া বিশ্বজুৰি সৃষ্টি কৰিছে আশংকা৷