নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ ঘণ্টাত এটা দিন হ’ব পৃথিৱীত : মেডিচন বিশ্ববিদ্যালয়ৰ গৱেষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ আগষ্টঃ ৰহস্যঘন মহাকাশৰ মহাজাগতিক পৰিঘটনাক লৈ নিত্য নতুন তথ্য উদ্ভাৱন হৈ আহিছে৷ মহাকাশ বিজ্ঞানীসকলে পৃথিৱীৰ ৰহস্য উদ্ঘাটন কৰিবলৈও অহৰহ গৱেষণা চলাই আহিছে৷ পৃথিৱীৰ উপগ্রহ চন্দ্রৰ সৈতে দিন–ৰাতিৰ প্রক্রিয়া জড়িত হৈ আছে৷ উইছকনছিন– মেডিচন বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে চলোৱা নতুন গৱেষণাৰ প্রতিবেদনত চন্দ্র আৰু পৃথিৱীৰ স্থিতিক লৈ লাভ কৰা তথ্যই হতবাক কৰি তুলিছে বিশ্বৰ বিজ্ঞানী মহলক৷ প্রতিবেদন মতে, পৃথিৱীৰ পৰা চন্দ্র প্রতিবছৰে আঁতৰি গৈ আছে৷ প্রতিবছৰে গড়ে প্রায় ৩.৮ চেণ্টিমিটাৰ চন্দ্র পৃথিৱীৰ পৰা আঁতৰি গৈ আছে৷ এই প্রক্রিয়াৰ বাবে আমাৰ পৃথিৱীৰ দিন–ৰাতিৰ প্রক্রিয়াত নতুনত্ব আহিব৷ অর্থাৎ দিনৰ দৈর্ঘ্য বৃদ্ধি পাব৷ এনেদৰে চলি থাকিলে পৃথিৱীত ২৪ ঘণ্টাত এটা দিনৰ বিপৰীতে ২৫ ঘণ্টাত এটা দিন হ’ব৷ এয়া ২০০ নিযুত বছৰৰ পাছত৷ উল্লেখ্য যে গৱেষণাত ১.৪ বিলিয়ন বছৰ পূর্বে পৃথিৱীত এটা দিন আছিল ১৮ ঘণ্টাৰ৷ গৱেষকৰ দলটোৱে পৃথিৱীৰ পৰা চন্দ্র ক্রমান্বয়ে পৃথক হোৱাৰ ৯০ নিযুত বছৰ পূর্বৰ শিলাখণ্ডৰ ওপৰত গুৰুত্ব দি এই গৱেষণা চলাইছিল৷ মন কৰিবলগীয়া যে চন্দ্র পৃথিৱীৰ পৰা আঁতৰি যোৱা প্রক্রিয়াটো একেবাৰে নতুন নহয়৷ দশক দশক ধৰি এই প্রক্রিয়াটো ধাৰণা কৰা হৈছে৷ কিন্তু উইছকনছিন– মেডিচন বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে ঐতিহাসিক আৰু ভূ–তাত্ত্বিক তত্ত্বৰ আধাৰত চলোৱা গৱেষণা অতি গুৰুত্বপূর্ণ৷

You might also like