নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছলমান খানক হত্যাৰ বাবে ২৫ লাখৰ ঠিকা

🔹 লৰেঞ্চ বিষ্ণয় গেঙৰ সদস্যক গ্রেপ্তাৰ নবী মুম্বাই আৰক্ষীৰ

🔹 পাকিস্তানৰ পৰা অনা হৈছে এ কে–৪৭

নিউজ ডেস্ক, ১৮ অক্টোবৰ : দেশৰ নতুন আতংক গেংষ্টাৰ লৰেঞ্চ বিষ্ণয়ে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক হত্যাৰ ভাবুকি প্রদান কৰাক লৈ ব্যাপক চর্চা চলি আছে৷ এনে সময়তে ছলমান হত্যাৰ পৰিকল্পনাত জড়িত বিষ্ণয় গেঙৰ এজন সদস্যক নবী মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ নবী মুম্বাই আৰক্ষীৰ মতে, ছলমান খানক হত্যাৰ পৰিকল্পনাত জড়িত ধৃত সুখা সিং নামৰ সদস্যজনে অভিনেতাগৰাকীক হত্যাৰ বাবে পাকিস্তানৰ পৰা এ কে–৪৭ আমদানি কৰিছিল৷ এ কে–৪৭ৰ লগতে এম–১৬ আৰু এ কে–৯২-ও অনা হৈছে৷ অভিনেতা ছলমানক হত্যাৰ বাবে বিষ্ণয় গেঙে হত্যাকাৰীক ২৫ লাখ টকাৰ ঠিকা দিছে৷ আৰক্ষীয়ে লাভ কৰা তথ্য মতে, ছলমান খানক হত্যাৰ পৰিকল্পনা চলাই এই পৰিকল্পনা সফল কৰি তুলিবলৈ অভিনেতাজনৰ গতিবিধি নিৰীক্ষণৰ বাবে ৬০–৭০জন লোক নিয়োগ কৰিছে৷ অভিনেতাজনৰ বান্দ্রাৰ হাউছৰ পৰা পানভেল ফার্ম হাউছ আৰু গোড়েগাঁৱৰ ফিল্মচিটীলৈকে গতিবিধি নিৰীক্ষণ কৰি আহিছে উল্লিখিত ব্যক্তিসকলে৷

You might also like