সীমান্তৰ সিপাৰে অপেক্ষাৰত ২৫০–৩০০ পাক সন্ত্রাসবাদী
🔹 সীমান্তত নিৰাপত্তা বাহিনী এলার্ট
বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰ : সীমান্তৰ সিপাৰে জম্মু–কাশ্মীৰেৰে ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰিবলৈ ২৫০–৩০০ পাক সন্ত্রাসবাদী সীমান্তত অপেক্ষা কৰি আছে৷ বি এছ এফৰ আই জি অশোক যাদৱে দক্ষিণ কাশ্মীৰৰ পুলৱামাত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত এই তথ্য প্রকাশ কৰিছে৷ আই জি অশোক যাদৱে প্রকাশ কৰা মতে, জম্মু–কাশ্মীৰৰ সীমান্তৰ সিপাৰে ২৫০–৩০০ পাক সন্ত্রাসবাদী ভাৰতীয় ভূমিত প্রৱেশ কৰিবলৈ সাজু হৈ আছে৷ এই তথ্য চোৰাংচোৱা সূত্রৰ পৰা লাভ কৰাৰ পিছতেই সীমান্তত নিৰাপত্তা বাহিনী এলার্ট হৈ আছে৷ পাক সন্ত্রাসবাদীয়ে ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰিবলৈ চলোৱা যিকোনো পদক্ষেপক নিৰাপত্তা বাহিনীয়ে ব্যর্থ কৰিব বুলিও কয় আই জি যাদৱে৷ উল্লেখনীয় যে শীতকালত জম্মু–কাশ্মীৰত সীমান্তৰ সিপাৰৰ পৰা পাক সন্ত্রাসবাদী ভাৰতীয় ভূমিত প্রৱেশ কৰাৰ বাবে পৰিকল্পনা কৰি থাকে৷ অত বছৰে এই সময়ছোৱাত সীমান্তৰ সিপাৰৰ পৰা পাক সন্ত্রাসবাদী অনুপ্রৱেশ কৰিবলৈ চেষ্টা চলাই আহিছে যদিও অধিকাংশ প্রয়াসকে ব্যর্থ কৰিবলৈ সক্ষম হয় ভাৰতীয় নিৰাপত্তা বাহিনী৷