২৬/১১ মুম্বাই আক্রমণ : পাকিস্তানত কুখ্যাত সন্ত্রাসবাদী আব্দুল মাক্কিৰ মৃত্যু
নিউজ ডেস্ক, ২৮ ডিচেম্বৰ : পাকিস্তানত মৃত্যু হ’ল ২৬/১১ মুম্বাই আক্রমণৰ মূল ষড়যন্ত্রকাৰী হাফিজ আব্দুল ৰহমান মাক্কিৰ৷ কালি হূদৰোগত আক্রান্ত হৈ মৃত্যু হৈছে কুখ্যাত এই সন্ত্রাসবাদী নেতাৰ৷ পাকিস্তানৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি, মাক্কি বিগত কেইবাদিনো ধৰি অসুস্থ হৈ আছিল৷ তেজত শর্কৰাৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল৷ সেইবাবে গুৰুতৰভাৱে অসুস্থ অৱস্থাত লাহোৰৰ এখন বেচৰকাৰী হাস্পতালত ভর্তি কৰোৱা হৈছিল মাক্কিক৷ লাহোৰৰ হাস্পতালখনতেই শেষ নিশ্বাস ত্যাগ কৰে কুখ্যাত সন্ত্রাসবাদী নেতাজনে৷ ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত আক্রমণৰ ‘নীলা নক্সা’ প্রস্তুত কৰিছিল লস্কৰৰ মুৰব্বী হাফিজ ছয়ীদে৷ ইয়াত ছয়ীদৰ খুলশালীয়েক হাফিজ আছিল নেতৃত্বত৷ ষড়যন্ত্রত চামিল হয় মাক্কিও৷ পৰৱর্তী সময়ত মাক্কি আৰু হাফিজক গ্রেপ্তাৰ কৰে পাকিস্তানে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘৰ গোলকীয় সন্ত্রাসবাদীৰ তালিকাত নাম আছে মাক্কি আৰু হাফিজৰ৷