নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘৩ ইডিয়টছ’ ছবিৰ অভিনেতা অখিল মিশ্রৰ দেহাৱসান

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰ : বলীউডৰ অভিনেতা অখিল মিশ্রৰ দেহাৱসান ঘটিছে৷ ‘৩ ইডিয়টছ’, ‘গান্ধী, মাই ফাদাৰ’ আদি ছবিৰ জৰিয়তে জনপ্রিয়তা লাভ কৰা মিশ্রৰ ৰন্ধনশালত হোৱা এক দুর্ঘটনাত মৃত্যু হোৱা বুলি দাবী কৰিছে পৰিয়ালে৷ সংবাদ সংস্থা আইএএনএছৰ প্রতিবেদন অনুসৰি ৬৭ বছৰীয়া অভিনেতাগৰাকীৰ মৃত্যুত বলীউডৰ বহু তাৰকাই শোক প্রকাশ কৰিছে৷ ‘৩ ইডিয়টছ’ ছবিত লাইব্রেৰিয়ান ডুবেইৰ চৰিত্রত অভিনয় কৰি বিশেষ জনপ্রিয়তা লাভ কৰিছিল মিশ্রই।

You might also like