নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বধ কৰা হ’ব ৩০ লাখ কুকুৰ

🔹 চৰকাৰৰ ‘অমানৱীয়’ সিদ্ধান্তক লৈ বিশ্বজুৰি প্রতিক্রিয়া

নিউজ ডেস্ক, ১৮ জানুৱাৰী : আগন্তুক ২০৩০ চনত ফিফা বিশ্বকাপ আয়োজনৰ পূর্বে মৰক্কোত বধ কৰা হ’ব ৩ নিযুত অর্থাৎ ৩০ লাখ গৰাকীবিহীন কুকুৰক৷ শেহতীয়াকৈ চৰকাৰৰ এই সিদ্ধান্তক লৈ বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ প্রতিবেদন অনুসৰি, এই পথৰ কুকুৰবোৰক ষ্ট্রাইচনাইন শৰীৰত প্রয়োগ কৰি হত্যা কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ ষ্ট্রাইচনাইন হৈছে অতি বিষাক্ত এবিধ ৰাসায়নিক পদার্থ৷ লক্ষণীয় যে বিশ্বকাপ ফুটবলৰ মেচসমূহ আয়োজন কৰাৰ সময়ত যাতে দর্শকসকল কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়, সেই বিষয়টোত গুৰুত্ব প্রদান কৰিয়েই ত্রিশ লাখ কুকুৰ বধ কৰিব মৰক্কো চৰকাৰে৷ মৰক্কো, স্পেইন আৰু পর্তুগালে আয়োজন কৰিব ২০৩০ চনত ফিফা বিশ্বকাপ ফুটবল৷ ইফালে, এই প্রতিবেদন প্রকাশ পোৱাৰ পিছতে বিশ্বৰ বিভিন্ন দেশত সৃষ্টি হৈছে প্রতিক্রিয়া৷ এনে নৃশংসভাৱে পথৰ কুকুৰবোৰ বধ কৰাৰ সিদ্ধান্তক ‘অমানৱীয়’ বুলি অভিহিত কৰিছে পশুপ্রেমীসকলে৷ পশুৰ অধিকাৰৰ বাবে কাম কৰি থকা কর্মীসকলে এই সন্দর্ভত ফিফাৰ ওচৰত আপত্তি দর্শাব বুলি ডেইলী মেইলৰ এক প্রতিবেদনত প্রকাশ পাইছে৷ আন্তর্জাতিক ফুটবল সংস্থা ফিফাই এনেদৰে পথৰ কুকুৰবোৰক বধ কৰাৰ সিদ্ধান্তৰ পৰা মৰক্কো চৰকাৰক আঁতৰি অহাৰ ক্ষেত্রত বাধ্য কৰাব লাগিব বুলি দাবী জনাইছে জানে গুডল নামৰ অধিকাৰ কর্মীগৰাকীয়ে৷ লক্ষণীয়ভাৱে পথৰ কুকুৰবোৰক বিশ্বকাপৰ মেচ আয়োজনৰ সময়ত অন্য কোনো স্থানত সুৰক্ষিত অৱস্থাত ৰখাৰ বাবে পৰামর্শ আগবঢ়াইছে বিভিন্ন সামাজিক সংগঠনে৷ বিশ্বকাপ ফুটবলৰ বাবে ৩০ লাখ কুকুৰৰ নিধন কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলিও এই সংগঠনসমূহে মন্তব্য কৰিছে৷

You might also like