নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভত ৪৫ দিন নাও চলাই ৩০ কোটি টকা উপার্জন যুৱকৰ

🔹 উত্তৰ প্রদেশ বিধানসভাত তথ্য সদৰী মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ

নিউজ ডেস্ক, ৮ মার্চ : এই বছৰ প্রয়াগৰাজৰ মহাকুম্ভই বিশ্বৰ প্রান্তে প্রান্তে সৃষ্টি কৰে আলোড়ন৷ বিশাল এই ধর্মীয় সমাৱেশত বহুতৰ ভাগ্যৰ চকৰিও ঘূৰি গৈছে৷ সেই তালিকাত আছে পাথৰৰ মালা বিক্রেতা মনালিছা ভোসলে৷ নিশাৰ ভিতৰতে ছেনছেচন হৈ উঠা সেই তৰুণীক বলীউডৰ পর্দাতো দেখিবলৈ পোৱা যাব৷ এইবাৰ এই ভাগ্যৱানৰ তালিকাত নাম সন্নিৱিষ্ট হ’ল পিণ্টু মহাৰা নামৰ এজন যুৱকৰ৷ কাৰণ ৪৫ দিন ধৰি মহাকুম্ভত কেৱল নাও চলাই পিণ্টু মহাৰাই উপার্জন কৰিছে ৩০ কোটি টকা৷ বহুতেই হয়তো এই খবৰ শুনিলে অবাক হৈ পৰিব৷ কিন্তু এই চমকপ্রদ তথ্য প্রকাশ কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ বিভিন্নজনৰ মনত প্রশ্ণ উদয় হৈছে কেনেদৰে ইমান টকা উপার্জন কৰিলে পিণ্টুৱে৷ বিধানসভাত সেই তথ্য ব্যাখ্যা কৰিছে মুখ্যমন্ত্রী যোগীয়ে৷ তেওঁ উল্লেখ কৰে যে পিণ্টু প্রয়াগৰাজৰ বাসিন্দা৷ ত্রিবেণী সংগমত যুৱকজনৰ ৬০খন নাও চলে৷ মহাকুম্ভ আৰম্ভ হোৱাৰ লগে লগে পিণ্টুৱে নাৱৰ সংখ্যা ১৩০লৈ বৃদ্ধি কৰে৷ চলিত বর্ষত কোটি কোটি ভক্তৰ সমাগম ঘটিছিল মহাকুম্ভত৷ গতিকে, পিণ্টুৰ নাও বিৰামহীনভাৱে চলিছিল৷ প্রতিদিনে পিণ্টুৱে একোখন নাৱত ৫০ৰ পৰা ৫২ হাজাৰ টকা উপার্জন কৰিছে৷ ৪৫ দিনত পিণ্টুৰ মুঠ উপার্জন হৈছেগৈ ৩০ কোটি টকা৷ উল্লেখনীয় যে পুণ্য স্নানৰ বাবে দেশৰ বিভিন্ন প্রান্তৰ পৰা কোটি কোটি ভক্তই মহাকুম্ভত ভিৰ কৰিছিল৷ বিদেশৰ পৰাও বহু লোকৰ সমাগম ঘটিছিল মহাকুম্ভত৷ প্রায় ৬৬ কোটি লোকে মহাকুম্ভত পুণ্য স্নান কৰে৷ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই ধর্মীয় উৎসৱৰ সামৰণি পৰে ২৬ ফেব্রুৱাৰীত৷ এইবাৰ প্রধানমন্ত্রী মোদীৰ ডিজিটেল মহাকুম্ভৰ স্বপ্ণক বাস্তৱায়িত কৰি তোলে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ মহাকুম্ভত অভাৱনীয়ভাৱে বাণিজ্য লাভ কৰে ইয়াত জড়িত হৈ পৰা বিভিন্ন ব্যৱসায়ীয়ে৷ পুনৰ ১২ বছৰ পিছত কুম্ভমেলাৰ আয়োজন কৰা হ’ব দেশত৷ কিন্তু চলিত বর্ষৰ কুম্ভমেলাই জনসমাগমৰ ক্ষেত্রত সর্বকালৰ অভিলেখ ভংগ কৰিছে৷ সেইদৰে ইয়াত জড়িত হৈ পৰা ব্যৱসায়ীসকলেও উপার্জনৰ নজিৰ গঢ়িবলৈ সক্ষম হৈছে৷

You might also like