নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধ্রত বিলাহী বিক্রীৰে ৩০ লাখ উপার্জন

🔴 ধন কাঢ়িবলৈ কৃষকক হত্যা দুর্বৃত্তৰ
বিশেষ বাৰ্তা, ১৪ জুলাই : বিলাহী বিক্রী কৰি লাখ লাখ টকা উপার্জন কৰিছিল এজন কৃষকে৷ সেই টকাই কাল হ’ল কৃষকজনৰ৷ টকাৰ বাবে কৃষকজনক নৃশংসভাৱে হত্যা কৰিলে দুর্বৃত্তই৷ ঘটনাটো অন্ধ্রপ্রদেশৰ মদনপল্লী চহৰত৷ মৃত কৃষকজনৰ নাম ৰাজশ্বেখৰ ৰেড্ডী৷ নিজৰ খেতিত বিলাহী উৎপাদন কৰি বিক্রী কৰিছিল ৬২ বছৰীয়া ৰেড্ডীয়ে৷ এছিয়াৰ অন্যতম বৃহৎ বিলাহীৰ বজাৰ আছে মদনপল্লীত৷ ৰাজশ্বেখৰ ৰেড্ডীয়ে জুলাই মাহৰ প্রথম সপ্তাহতে বিলাহী বিক্রী কৰি উপার্জন কৰিছিল ৩০ লাখ টকা৷ এই টকাৰ বাবে দুর্বৃত্তই হত্যা কৰিলে ৰেড্ডীক৷ স্মর্তব্য যে দেশজুৰি বিলাহীৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷

You might also like