নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰৰ পৰা বিতাড়িত হোৱাৰ আশংকা ৩০০ মহিলাৰ

🔹 নথি অবিহনেই উপত্যকাৰ বাসিন্দা !

বিশেষ বাৰ্তা, ২৭ অক্টোবৰ : দেশ নাই, বৈধ প্রমাণ–পত্র তথা ভ্রমণ নথি নাই, আছে মাথোঁ কাশ্মীৰৰ বাসিন্দাসকলৰ সৈতে বিয়াৰ পৰিচিতি৷ জম্মু–কাশ্মীৰ চৰকাৰৰ বিদেশী সম্পর্কীয় নতুন নীতিৰ বাবে আশংকাত পৰিছে ৩০০ মহিলা৷ শেহতীয়াকৈ বিত্ত আয়ুক্ত আৰু অতিৰিক্ত মুখ্য সচিব (গৃহ) আৰ কে গোৱেলৰ নেতৃত্বত ৬ সদস্যৰ কমিটী গঠন কৰিছে জম্মু–কাশ্মীৰ প্রশাসনে৷ এই কমিটীৰ কাম বৈধ নথি অবিহনে কাশ্মীৰ উপত্যকাত বাস কৰা বিদেশীসকলক চিনাক্ত কৰা৷ সংবাদ মাধ্যম আৰু প্রশাসনৰ সূত্রই সদৰী কৰা অনুসৰি, ২০১০ চনত তেতিয়াৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাৰ পুনৰ সংস্থাপন নীতিত ৩৫০টা পৰিয়ালে নেপাল হৈ কাশ্মীৰত প্রৱেশ কৰিছিল৷ তেওঁলোকৰ বহুতেই আছিল সন্ত্রাসবাদীৰ পত্নী আৰু সন্তান৷ তেতিয়াৰে পৰা এই পৰিয়ালবোৰ কাশ্মীৰ উপত্যকাত আছে যদিও তেওঁলোকৰ কোনো নথি নাই৷ পৰিণতিত পুনৰ কাশ্মীৰৰ পৰা বিতাড়িত হোৱাৰ আশংকাত পৰিছে এই পৰিয়ালবোৰ৷

You might also like