নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত ৩২ হিন্দুক হত্যা, ১৩ মহিলাক দলবদ্ধ ধর্ষণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশ চৰকাৰৰ ৫ মাহৰ কার্যকালত সংখ্যালঘু হিন্দুৰ ওপৰত অকথ্য নির্যাতন চলোৱা হৈছে৷ এই বিস্ফোৰক তথ্যসহ উদ্বেগজনক প্রতিবেদন প্রকাশ কৰিছে ৰাষ্ট্রসংঘই৷ বিগত বর্ষৰ ৫ আগষ্টত বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰক উৎখাত কৰি শাসনৰ গাদীত বহা মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে সংখ্যালঘুৰ ওপৰত নির্যাতন চলাবলৈ ইছলাম কট্টৰপন্থীক ফ্রী হেণ্ড দিয়া বুলি ৰাষ্ট্রসংঘৰ প্রতিবেদনখনত প্রকাশ পাইছে৷ ইছলাম মৌলবাদীৰ আক্রমণত দেশখনৰ সংখ্যালঘু হিন্দু সম্প্রদায়ৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ ৰাষ্ট্রসংঘৰ প্রতিবেদন মতে, ইউনুছ চৰকাৰৰ ৫ মাহৰ কার্যকালত ৩২জন হিন্দু লোকক হত্যা কৰা হৈছে৷ ১৩ সংখ্যালঘু মহিলাক ধর্ষণ আৰু দলবদ্ধ ধর্ষণ কৰা হৈছে৷ তদুপৰি ধর্মীয় সংখ্যালঘুৰ মঠ–মন্দিৰত আক্রমণ চলোৱা হৈছে৷ দেশখনৰ বিভিন্ন প্রান্তত ১৩৩টা মন্দিৰ ধ্বংস কৰা হৈছে৷ এই সকলোবোৰ দেখি–শুনিও ইউনুছ প্রশাসনে নীৰৱ ভূমিকা পালন কৰি আছে৷ বাংলাদেশৰ ভূমিত হিন্দু, বৌদ্ধ, খ্রীষ্টান আদিৰ ওপৰত চলি থকা নির্যাতন সন্দর্ভত প্রকাশ কৰা প্রতিবেদন অনুসৰি বিগত বর্ষৰ ৪ আগষ্টৰ পৰা ২০ আগষ্টলৈকে সর্বাধিক সাম্প্রদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে৷ চৰকাৰ সলনি হোৱাৰ মাত্র ১৫ দিনৰ ভিতৰতে ২,০১০টা সাম্প্রদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰে ১,৭৬৯টা সাম্প্রদায়িক হিংসাৰ তথ্য বাংলাদেশ চৰকাৰেও স্বীকাৰ কৰিছে আৰু গোচৰো ৰুজু কৰিছে৷ কিন্তু এই গোচৰৰ ক্ষেত্রত কোনোধৰণৰ তৎপৰতা দেখুওৱা নাই চৰকাৰখনে৷ প্রতিবেদনত দুটা পর্যায়ত তথ্য প্রকাশ কৰা হৈছে৷ প্রথম পর্যায়ত ৪ আগষ্টৰ পৰা ২০ আগষ্টলৈ আৰু দ্বিতীয় পর্যায়ত ২০ আগষ্টৰ পৰা ৩১ ডিচেম্বৰলৈকে৷ এই দ্বিতীয় পর্যায়ৰ সময়ত মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তর্ৱর্তী চৰকাৰ গঠন হৈছিল৷ এই সময়ছোৱাতেই সংখ্যালঘু হিন্দুৰ ওপৰত অকথ্য নির্যাতন হয়৷ প্রথম ১৫ দিনত ৯জন সংখ্যালঘুক হত্যা কৰাৰ বিপৰীতে চাৰি মহিলাক ধর্ষণ আৰু ৯১৫টা সংখ্যালঘুৰ বাসগৃহত আক্রমণ চলোৱা হৈছিল৷ ৯৫৩খন দোকান ভাঙি–ছিঙি লণ্ডভণ্ড আৰু ৬৯টা মন্দিৰ ভাঙি দিছিল৷ ২০ আগষ্টৰ পাছত পৰৱর্তী ৪ মাহত ২৩ সংখ্যালঘুক হত্যা, ৯ মহিলাক ধর্ষণ আৰু ৬৪টা মন্দিৰ ধ্বংস কৰা হৈছে৷

You might also like