চীনত ক্ৰীড়া কেন্দ্ৰৰ বাহিৰত গাড়ীৰ খুন্দাত নিহত ৩৫
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ নৱেম্বৰঃ চীনৰ দক্ষিণৰ ঝুহাই চহৰৰ এটা ক্ৰীড়া কেন্দ্ৰৰ বাহিৰত এখন গাড়ী নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ভিৰৰ মাজত খুন্দা মৰাৰ ফলত কমেও ৩৫জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৪৩জন আহত হয়। চৰকাৰী টেলিভিছনৰ চিচিটিভিয়ে এই তথ্য দিলে। হংকঙৰ মিং পাও কাকতৰ মতে, ১০ নৱেম্বৰৰ সন্ধিয়া সংঘটিত হোৱা এই কাণ্ডৰ লগে লগে গাড়ীখনৰ চালকজনক সেই স্থানৰ পৰাই গ্ৰেপ্তাৰ কৰা হয়। হিট এণ্ড ৰান কাণ্ডৰ ভেৰিফাইড ভিডিঅ’ত কেইবাজনো লোক পথত পৰি থকা দেখা গৈছে। আহতসকলক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। স্থানীয় সময় অনুসৰি সন্ধিয়া ৭.৪৮ বজাত (জিএমটি বজাত ১১.৪৮ বজাত) এটা ক্ৰীড়া কেন্দ্ৰৰ বাহিৰত ইচ্ছাকৃতভাৱে এখন সৰু গাড়ী পথচাৰীৰ দল এটাত খুন্দা মাৰি তাৰ পিছত পলায়ন কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ আঁৰৰ উদ্দেশ্য এতিয়াও প্ৰকাশ কৰা নাই বিষয়াসকলে। ঝুহাইত এটা বৃহৎ এয়াৰ শ্ব’ আৰম্ভ হোৱাৰ এদিন পূৰ্বে সংঘটিত হয় এই দুৰ্ঘটনা। ঝুহাইয়ে এই সপ্তাহত চীনৰ সৰ্ববৃহৎ বাৰ্ষিক বিমান প্ৰদৰ্শনী আয়োজন কৰিছে, য’ত প্ৰথমবাৰৰ বাবে এখন নতুন ষ্টেলথ জেট যুঁজাৰু বিমান প্ৰদৰ্শন কৰা হ’ব। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি ঝুহাইৰ শ্বাং চং হাস্পতালৰ জৰুৰীকালীন ক্লিনিকৰ এজন কৰ্মচাৰীয়ে তেওঁৰ ওচৰলৈ কিছু আহত লোক আহিছিল বুলি জানিবলৈ দিয়ে, যিসকলে চিকিৎসাৰ অন্তত গুচি যায়। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’ত দেখা গৈছে যে এজন অগ্নিনিৰ্বাপক বাহিনীয়ে এজন লোকৰ ওপৰত চিপিআৰ কৰা দেখা গৈছে, আনহাতে মানুহক সেই স্থান এৰি যাবলৈ কোৱা হৈছে। স্প’ৰ্টছ চেণ্টাৰৰ বিষয়ে বিচাৰিলে মাত্ৰ কেইটামান পোষ্টহে পোৱা গৈছিল, ইয়াৰে এটা বা দুটাত কিবা এটা হোৱাৰ কথা উল্লেখ কৰা হৈছিল, কিন্তু ফটো বা সবিশেষ নাছিল। নিউজ এজেন্সী এছ’চিয়েট প্ৰেছ (এপি)-এ প্ৰকাশ কৰা অনুসৰি সোমবাৰে নিশাৰ ঘটনা সন্দৰ্ভত চীনৰ সংবাদ মাধ্যমত লিখা লেখাসমূহ আঁতৰাই পেলোৱা হৈছে।