ছুইছ বেংক -ত ভাৰতীয়ৰ জমা ৩৭,৬০০ কোটি টকা
🔹 ছুইছ বেংক -ত ভাৰতীয়ৰ জমা ৩৭,৬০০ কোটি টকা
🔹 ক’লাধন : এছএনবিৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য
নিউজ ডেস্ক, ২১ জুন : ছুইছ বেংকত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ভাৰতীয় নাগৰিকৰ জমাধন৷ বিগত বর্ষটোত ইয়াৰ পৰিমাণ ৩৫৪ কোটি ছুইছ ফ্রাংক হৈছেগৈ, যিটো ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৩৭,৬০০ কোটি টকা৷ এই তথ্য প্রকাশ পাইছে ছুইছ নেচনেল বেংক (এছএনবি)ৰ শেহতীয়া প্রতিবেদনত৷
উল্লেখৰ নিষ্প্রয়োজন যে ছুইছ বেংকত ভাৰতীয় নাগৰিকে জমা ৰখা টকা ‘ক’লা ধন’ হিচাপে বিবেচিত হৈ আহিছে৷ বিগত সময়ছোৱাত এই ‘ক’লা ধন’ক লৈ ব্যাপক চর্চা চলি অহাৰ মাজতে এছএনবিয়ে শেহতীয়াকৈ প্রকাশ কৰা প্রতিবেদনত সন্নিৱিষ্ট চাঞ্চল্যকৰ তথ্য অনুসৰি ২০২১ চনৰ পাছত ভাৰতীয় গ্রাহকৰ প্রত্যক্ষ জমাধনৰ পৰিমাণ সর্বাধিক হৈছে৷ ছুইছ বেংকত জমা থোৱা ভাৰতীয় নাগৰিকৰ ধন ২০২৪ চনত বৃদ্ধি পাইছে তিনি গুণতকৈও অধিক৷ শতকৰা হিতাপত যাৰ হাৰ ৩০০৷ প্রধানতঃ বেংক চেনেল আৰু অন্যান্য বিত্তীয় প্রতিষ্ঠানৰ জৰিয়তে জমা ৰখা ধনৰ পৰিমাণ বাঢ়িছে৷ তদুপৰি ভাৰতীয় গ্রাহকে পোনপটীয়াকৈ জমা ৰখা ধন ১১ শতাংশ বৃদ্ধি পাই হৈছেগৈ ৩,৬৭৫ কোটি টকা৷
লক্ষণীয়ভাৱে এয়া ভাৰতীয় নাগৰিকে ছুইছ বেংকত জমা ৰখা মুঠ ধনৰ ১০ ভাগৰ মাত্র এভাগহে বুলি চর্চা হৈছে৷ কিয়নো ছুইছ বেংকত ভাৰতীয় লোকৰ লাখ লাখ কোটি ‘ক’লা ধন’ জমা থকা সন্দর্ভত বিগত সময়ছোৱাত সূচনা হৈ আহিছে বিতর্কৰ৷ অৱশ্যে ছুইছ নেচনেল বেংকে প্রকাশ কৰা অনুসৰি, ভাৰতীয় বা বিদেশী নাগৰিকে জমা ৰখা ধন ছুইজাৰলেণ্ড চৰকাৰে ‘ক’লা ধন’ হিচাপে বিবেচনা নকৰে৷ আনকি ছুইজাৰলেণ্ডত থকা ভাৰতীয় বাসিন্দাৰ সম্পত্তিকো ‘ক’লা ধন’ হিচাপে গণ্য কৰিব নোৱাৰাৰ কথাও ইতিমধ্যে স্পষ্ট কৰিছে ছুইছ নেচনেল বেংকে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ছুইজাৰলেণ্ডে ভাৰতত কৰ জালিয়াতি আৰু ফাঁকিৰ বিৰুদ্ধে যুঁজ দিয়াত সক্রিয়ভাৱে সমর্থন কৰি আহিছে৷ ২০১৮ চনৰ পৰা স্বয়ংক্রিয় তথ্য বিনিময় চুক্তিৰ অধীনত ভাৰতীয় নাগৰিকক বিত্তীয় তথ্য বিনিময় কৰি আহিছে ভাৰত চৰকাৰৰ সৈতে৷ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত প্রথমবাৰৰ বাবে ভাৰতীয়ৰ জমাধনৰ সবিশেষ তথ্য প্রেৰণ কৰিছিল ছুইজাৰলেণ্ড চৰকাৰে৷ তাৰ পাছৰে পৰা সন্দেহযুক্ত লিংক থকা একাউণ্টসমূহকে ধৰি নিয়মীয়াকৈ বিত্তীয় তথ্য ছুইজাৰলেণ্ড চৰকাৰে বিনিময় কৰি আহিছে৷ ছুইছ বেংকত পুঁজি জমা ৰখাৰ ক্ষেত্রত সমগ্র বিশ্বৰ ভিতৰত ভাৰতৰ স্থান সম্প্রতি ৪৮ নম্বৰ৷ জার্মানী, ফ্রান্স, হংকং, লাক্সেমবার্গ, ছিংগাপুৰ, আৰব আমিৰ শ্বাহী আদি দেশৰো বহু লোকৰ বৃহৎ পৰিমাণৰ ধন জমা আছে ছুইছ বেংকত৷