ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, শক্তিধৰ ফ্ৰান্সৰ পৰা ক্ৰয় কৰিব ৪০খন বিপজ্জনক যুঁজাৰু বিমান
ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে অহা ২৮ বা ২৯ এপ্ৰিলত ভাৰত ভ্ৰমণৰ কথা
নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ ভাৰতীয় বায়ুসেনাত যুদ্ধ বিমানৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱাক লৈ বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে, আনহাতে চীনে নিজৰ বায়ুসেনাক অহৰহ শক্তিশালী কৰি তুলিছে। ইফালে প্ৰতিৰক্ষা সম্পৰ্কীয় এটা ৱেবছাইটৰ প্ৰতিবেদনত ভাৰত চৰকাৰে ফ্ৰান্সৰ পৰা আৰু ৪০খন ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে।
ভাৰত আৰু ফ্ৰান্সৰ মাজত এই চুক্তি চৰকাৰৰ পৰা চৰকাৰলৈ (G2G) ভিত্তিত হ’ব। প্ৰতিবেদন অনুসৰি ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অহা ২৮ বা ২৯ এপ্ৰিলত ভাৰত ভ্ৰমণৰ কথা। এই ভ্ৰমণৰ সময়ত ভাৰতীয় নৌসেনাৰ বাবে ৰাফেল সামুদ্ৰিক যুদ্ধ বিমান ক্ৰয় সন্দৰ্ভত দুয়োখন দেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হ’ব। এই ৰাফেল সামুদ্ৰিক যুঁজাৰু বিমানসমূহ ভাৰতৰ বিমানবাহী জাহাজত নিয়োগ কৰা হ’ব।
য়েমেনত আমেৰিকাৰ বোমাবর্ষণ, ৮০জনৰ প্ৰাণহানি
প্ৰতিবেদনত ডাঙৰ দাবী
প্ৰতিবেদন অনুসৰি ভাৰত আৰু ফ্ৰান্সৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনা হোৱা বুলি ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে নিশ্চিত কৰিছে। এই বৈঠকত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়, যেনে ভাৰতত নিৰ্মাণ হ’বলগীয়া হেলিকপ্টাৰৰ বাবে ফ্ৰান্সৰ কোম্পানী ছাফ্ৰানৰ পৰা ইঞ্জিন ক্ৰয় কৰা আৰু ভাৰতীয় বায়ুসেনাৰ বাবে দ্বিতীয় বেটচৰ ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰা।
এই চুক্তিৰ নাম বৰ্তমান ফাষ্ট-ট্ৰেক এম আৰ এফ এ-প্লাছ ডিল ৰখা হৈছে। MRFA (Multi Role Fighter Aircraft) কাৰ্যসূচীৰ অধীনত ভাৰতে ১১৪খন যুদ্ধ বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে আৰু এই সন্দৰ্ভত বহু স্তৰত আলোচনা চলি আছে।
ডাঙৰ পদক্ষেপ চৰকাৰৰ
ভাৰতে মাল্টি ৰ’ল ফাইটাৰ এয়াৰক্ৰাফ্ট (এম আৰ এফ এ) প্ৰকল্পৰ অধীনত ১১৪খন যুদ্ধ বিমান ক্ৰয় কৰিবলগীয়া হৈছে যদিও চৰকাৰে ইয়াৰ বাবে এতিয়ালৈকে কোনো নিবিদা জাৰি কৰা নাই। অৱশ্যে ভাৰতীয় বায়ুসেনাৰ তাৎক্ষণিক প্ৰয়োজনীয়তা আৰু ৰাফেল বিমানৰ সৈতে বৰ্তমানৰ সহযোগিতা বিবেচনা কৰি চৰকাৰে পোনপটীয়াকৈ ৰাফেল বিমান ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে। আলোচনাৰ সৈতে জড়িত এজন জ্যেষ্ঠ বিষয়াই কয় যে, “এয়া কেৱল ক্ৰয় নহয়, ভৱিষ্যতেও চলি থকা বৃহত্তৰ কৌশলগত পৰিকল্পনাৰ অংশ।”
বায়ুসেনাক আৰু শক্তিশালী কৰা হ’ব!
ভাৰতীয় বায়ুসেনাক সম্পূৰ্ণ সবল কৰি ৰাখিবলৈ হ’লে ইয়াৰ কমেও ৪২.৫টা স্ক্ৱাড্ৰন থাকিব লাগিব, কিন্তু বৰ্তমান মাত্ৰ ৩১টা স্ক্ৱাড্ৰনহে উপস্থিত আছে। এনে পৰিস্থিতিত যদি চীন আৰু পাকিস্তানৰ সৈতে একেলগে যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে ভাৰতে হয়তো অসুবিধাৰ সন্মুখীন হ’ব লাগিব। আনকি বহু অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ বিষয়াই এই পৰিস্থিতিক ‘জৰুৰীকালীন’ বুলিও অভিহিত কৰিছে।
চলিত বৰ্ষৰ আৰম্ভণিতে বায়ুসেনাৰ মাৰ্শ্বাল এ পি সিঙেও কৈছিল যে পুৰণি বিমানৰ অৱসৰৰ বাবে প্ৰতি বছৰে ৩৫-৪০খন নতুন যুদ্ধ বিমান সংযোজন কৰাটো প্ৰয়োজনীয় যাতে শক্তি হ্ৰাস নহয়। আনহাতে, হিন্দুস্তান এৰ’নটিক্স লিমিটেডে ২০৩০ চনৰ ভিতৰত ৯৭খন তেজছ এমকে-১এ জেট বিমান যোগান ধৰাৰ পৰিকল্পনা কৰিছে যদিও উৎপাদনৰ গতি লেহেমীয়া হোৱাৰ বাবে এই লক্ষ্যত উপনীত হোৱাটো কঠিন যেন লাগে।