নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভমেলাত মহাঅঘটন : পদপিষ্ট হৈ ৪০ ভক্তৰ কৰুণ মৃত্যু

🔹 প্রয়াগৰাজত ত্রিবেণী সংগমত অমৃত স্নানক লৈ মাজনিশা হেতা–ওপৰা

নিউজ ডেস্ক, ৩০ জানুৱাৰী : ‘একতা আৰু বিশ্ব এক পৰিয়াল’ মন্ত্রৰে আধ্যাত্মিক বার্তাৰে বিশ্বজুৰি ব্যাপক চর্চিত মহাকুম্ভমেলাত মহাঅঘটন৷ ‘মৌনী অমাৱস্যা’ উপলক্ষে উত্তৰ প্রদেশৰ প্রয়াগৰাজত ত্রিবেণী সংগমত অমৃত স্নানৰ বাবে অগণন ভক্তৰ ভিৰে এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে আৰু পৰিণতিত পদপিষ্টৰ দৰে শোকাৱহ দুর্ঘটনা সংঘটিত হয়৷ পদপিষ্টৰ এই শোকাৱহ ঘটনাত অতিকমেও ৪০জন অমৃত স্নান কৰিবলৈ হেতা-ওপৰা লগোৱা ভক্তৰ প্রাণহানি ঘটাৰ লগতে আন ৭০জনৰো অধিক আহত হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, মঙলবাৰে মাজনিশা ১–২ বজাত ‘মৌনী অমাৱস্যা’ত স্নান কৰিবলৈ হাজাৰ হাজাৰ লোক সমৱেত হয়৷ অমৃত স্নান কৰিবলৈ হেতা–ওপৰা লগাত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় আৰু ভিৰৰ হেঁচাত বেৰিকেড ভাঙি যায়৷ একেলগে ১০ হাজাৰ লোকে অমৃত স্নান কৰিবলৈ হেতা–ওপৰা লগোৱাত পদপিষ্ট হৈ অতিকমেও ৪০জন ভক্তৰ মৃত্যু ঘটাৰ লগতে আন ৭০জন আহত হৈছে৷ বিভিন্ন ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য অনুসৰি, ৪০জন ভক্তৰ কৰুণ মৃত্যু ঘটিছে৷ ইয়াৰে ২৫জনক ইতিমধ্যে চিনাক্ত কৰি পৰিয়ালৰ হাতত গতাই দিয়া হৈছে৷ আহতসকলক চিকিৎসালয়ত ভর্তি কৰোৱাই চিকিৎসা প্রদান কৰি থকা হৈছে৷ ১৪৪ বছৰৰ পিছত বিৰল ত্রিবেণী যোগ উপলক্ষে মহাকুম্ভত ‘মৌনী অমাৱস্যা’ৰ দ্বিতীয় অমৃত স্নান আছিল বুধবাৰে৷ এই লৈ মঙলবাৰে মাজনিশাৰে পৰা স্নানৰ উদ্দেশ্যে হাজাৰ হাজাৰ লোক সমৱেত হোৱাত ১১ৰ পৰা ১৭ নম্বৰৰ খুঁটিৰ মাজত থকা বেৰিকেড ভাঙি পৰে আৰু এই শোকাৱহ দুর্ঘটনাটো ঘটে৷ এই পদপিষ্টৰ ঘটনাত ঘটনাস্থলীৰ পৰা উদ্ধাৰকাৰী দলে ৪০টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে কেইবাজনো আহতক চিকিৎসালয়লৈ প্রেৰণ কৰা হয়৷ এই ঘটনাটোৰ পাছতে ভক্তৰ মাজত হুৱাদুৱা লাগে আৰু যিয়ে যেনেকৈ পাৰে পলাবলৈ চেষ্টা কৰে৷ ফলত কেইবাজনো ভক্ত আহত হয়৷ এই শোকাৱহ ঘটনাটোৰ পাছতে ত্রিবেণী সংগমত অমৃত স্নান বাতিল কৰা হৈছে৷ কর্তৃপক্ষই মাইকযোগে ত্রিবেণী সংগমলৈ ভক্তক যাবলৈ বাধা দিয়ে আৰু গংগাৰ ঘাটসমূহতে অমৃত স্নান কৰিবলৈ আহ্বান জনায়৷ নিৰাপত্তা বাহিনীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্রণ কৰা বুলি প্রকাশ কৰিছে মুখ্যমন্ত্রী যোগী আদিত্যনাথে৷ মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, বেৰিকেডৰ পৰা জঁপিওৱাৰ ফলতে কেইবাজনো লোক আহত হৈছে৷ এই শোকাৱহ ঘটনা সন্দর্ভত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রীগৰাকীক টেলিফোনযোগে বিতং তথ্য সংগ্রহ কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নির্দেশ দিয়ে৷ কেন্দ্রই চৰকাৰক সকলো প্রকাৰে সহায়ৰ প্রতিশ্রুতি দিয়ে৷ প্রধানমন্ত্রী মোদীয়ে পদপিষ্টৰ ঘটনাত প্রাণ হেৰুওৱা ভক্তৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে, মহাকুম্ভমেলাত ভক্তৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আকাশমার্গেৰে হেলিকপ্টাৰেৰে নিৰীক্ষণ চলাই আছে৷ ইয়াৰ উপৰি ভক্তৰ সুৰক্ষাৰ বাবে এনএছজি আৰু অর্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে৷ লক্ষণীয় যে এই শোকাৱহ ঘটনাৰ পাছতে হাস্পতালত জনতাৰ ভিৰ বৃদ্ধি পাইছে৷ আহত আৰু নিহতৰ পৰিচয়ৰ বাবে উদ্গ্রীৱ হৈ হাস্পতাল চৌহদত জনতাই ভিৰ কৰিছে৷ আনপিনে মহাকুম্ভমেলাত পদপিষ্ট হৈ ভক্তৰ মৃত্যু হোৱা ঘটনাত উত্তৰ প্রদেশ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে লোকসভাৰ বিৰোধী দলপতি, কংগ্রেছ সাংসদ ৰাহুল গান্ধীয়ে৷ প্রাণ হেৰুওৱা ভক্তৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি ৰাহুল গান্ধীয়ে যোগী চৰকাৰে সাধাৰণ ভক্তক অৱহেলা কৰি ভিআইপিক মাত্রাধিক সুবিধা দিয়াৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ কৰিছে৷ ৰাহুল গান্ধীয়ে শীঘ্রেই মহাকুম্ভত ভিভিআইপি সংস্কৃতি বন্ধ কৰাৰো আহ্বান জনাইছে৷ বিশ্বৰ বৃহত্তম সমাৱেশ হিচাপে পৰিগণিত হোৱা মহাকুম্ভমেলাত পদপিষ্ট হৈ প্রাণহানি হোৱা ভক্তৰ প্রতিটো পৰিয়াললৈ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ২৫ লাখ টকা ক্ষতিপূৰণ হিচাপে ঘোষণা কৰিছে৷

You might also like