নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০ কেজি হেৰ’ইনৰ উৎসৰ ভিত্তিত পঞ্জাবত ২.৫ কেজি সোণ, বিদেশী মুদ্ৰা জব্দ

বিশেষ বাৰ্তা, ২ জুলাই : পঞ্জাবৰ লুধিয়ানাত বিগত বছৰত তালাচীৰ সময়ত উদ্ধাৰ হৈছিল ৪০ কেজি হেৰ’ইন। সেই উৎসৰ ভিত্তিত পঞ্জাব আৰক্ষী আৰু নিচাযুক্ত দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৱে শনিবাৰে পঞ্জাবৰ লুধিয়ানা আৰু জলন্ধৰত তালাচী চলাই ২.৫ কেজি কিলোগ্ৰাম সোণ আৰু ৭৯ হাজাৰ ইউৰো উদ্ধাৰ কৰে। শুকুৰবাৰে চণ্ডীগড়ৰ এনচিবিয়ে যোৱা বছৰৰ হেৰ’ইন উদ্ধাৰৰ গোচৰৰ অন্যতম অভিযুক্ত ছানী ভাৰ্মাক গ্ৰেপ্তাৰ কৰে। তেওঁক জেৰা কৰাৰ অন্তত এনচিবি, পঞ্জাব আৰক্ষী এণ্টি-নাৰ্কটিকছ বিশেষ টাস্ক ফ’ৰ্চ, কাউণ্টাৰ ইণ্টেলিজেন্স উইঙে পঞ্জাবৰ দুখন জিলাত তালাচী অভিযান আৰম্ভ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ গেঙৰ সৈতে ধনৰ লেনদেনত ছানীৰ মুখ্য ভূমিকা আছিল। এই ড্ৰাগছ গেঙৰ কিংপিন অক্ষয় ছাব্ৰাৰ অন্যতম সহযোগী আৰু আত্মীয় ছানী। যোৱা বছৰ অক্ষয়ক গ্ৰেপ্তাৰ কৰা হৈছিল। এই পৰ্যন্ত এন চি বিয়ে হেৰ’ইন সৰবৰাহৰ গোচৰত ১৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। শনিবাৰে চলোৱা অভিযানৰ সময়ত এনচিবিয়ে উদ্ধাৰ কৰে ৭৯ হাজাৰ ইউৰো। ইয়াৰ উপৰি ২.৫ কেজি সোণো উদ্ধাৰ কৰা হৈছে। এই ঘটনাৰ তদন্ত অব্যাহত আছে।

You might also like