ইউক্রেইনৰ বিধ্বংসী ড্রোন আক্রমণত ৰাছিয়াৰ ৪০ যুদ্ধবিমান ধ্বংস
🔹 চাৰি বিমানঘাটিত মোক্ষম আঘাত জেলেনস্কিৰ সেনাৰ
নিউজ ডেস্ক, ২ জুন : ৰাছিয়াৰ বিমানঘাটিত মোক্ষম আঘাত চলালে ইউক্রেইনী সেনাই৷ ৰাছিয়াৰ চাৰিটাকৈ বায়ুসেনাৰ ঘাটিত ড্রোনেৰে আক্রমণ চলায় ইউক্রেইনী সেনাই৷ এই আক্রমণৰ ফলত ৪০খনতকৈ অধিক ৰুছ যুদ্ধবিমান ধ্বংস হোৱা বুলি দাবী কৰিছে ইউক্রেইনে৷ বিগত কিছুদিন ধৰি এই বোমাৰু বিমানবোৰ ইউক্রেইনত আক্রমণৰ বাবে ব্যৱহাৰ কৰিছিল ৰাছিয়াই৷ এই বিমানবোৰেই ধ্বংস কৰি দিয়া হৈছে বুলি ইউক্রেইনে দাবী কৰিছে। সংবাদ সংস্থাৰ সূত্রই সদৰী কৰা অনুসৰি ৰুছ বায়ুসেনাৰ চাৰিটা ঘাটি আৰু দুখন এয়াৰফিল্ডলৈ লক্ষ্য কৰি চলোৱা হৈছিল আক্রমণ৷ এই আক্রমণত ৰাছিয়াৰ টিইউ–৯৫ আৰু টিইউ–২২এম–৩ যুদ্ধবিমানবোৰ ধ্বংস হৈছে৷ এখন এ–৫০ বিমানো ড্রোনৰ আঘাতত ধ্বংস হোৱা বুলি দাবী কৰিছে ইউক্রেইনে৷ ৰাছিয়াৰ বিভিন্ন স্থানত বিস্ফোৰণ আৰু অগ্ণিকাণ্ডৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে৷ লক্ষণীয়ভাৱে ইউক্রেইনৰ সেনা ঘাটিতো ৰাছিয়াই আক্রমণ চলোৱা বুলি বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে৷ এই আক্রমণৰ ঘটনাত বহু সৈনিক হতাহত হোৱা বুলি দাবী কৰিছে ইউক্রেইনে৷ সংবাদ সংস্থাই সদৰী কৰা অনুসৰি ক্ষতিগ্রস্ত অঞ্চলসমূহৰ পৰা সাধাৰণ জনতাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে প্রশাসনে৷ কিন্তু ঘটনাৰ সত্যতা সন্দর্ভত ৰাছিয়াই চৰকাৰীভাৱে কোনো তথ্য প্রকাশ কৰা নাই৷