নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ দিনে উত্তৰকাশীৰ সুৰংগত আবদ্ধ ৪০জন শ্রমিক

🔹 আন্তর্জাতিক সুৰংগ বিশেষজ্ঞৰ দলো ব্যর্থ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰ : উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত আবদ্ধ ৪০ শ্রমিকক উদ্ধাৰ অভিযান অব্যাহত আছে৷ ৮ দিন অতিক্রম কৰাৰ পাছতো আবদ্ধ শ্রমিকক সুৰংগটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ প্রতিদিনেই উদ্ধাৰ অভিযানত নতুন নতুন কৌশল খটুৱাই আছে যদিও এতিয়ালৈকে এই উদ্ধাৰ অভিযানৰ সফল সমাপ্তিৰ আশা ক্ষীণ হৈয়েই আছে৷ বিদেশী সুৰংগ বিশেষজ্ঞ এই উদ্ধাৰ অভিযানত জড়িত হৈ আহিছে যদিও ৮ দিন অভিযান চলায়ো সুৰংগত আবদ্ধ শ্রমিকক উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লোকসকলৰ মাজত উদ্বিগ্ণতা বৃদ্ধি পাইছে ৷ ইয়াৰ মাজতে কালি আন্তর্জাতিক সুৰংগ বিশেষজ্ঞ তথা ইণ্টাৰনেচনেল টানেলিং আণ্ডাৰ গ্রাউণ্ড স্পেচৰ অধ্যক্ষ তথা অধ্যাপক আর্নল্ড ডিক্স ঘটনাস্থলীত উপস্থিত হৈছে৷ আন্তর্জাতিক সুৰংগ বিশেষজ্ঞ ডিক্সে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান পর্যবেক্ষণ কৰিছে৷ আবদ্ধ শ্রমিকক উদ্ধাৰৰ বাবে চলাই থকা অভিযানৰ বুজ লোৱাৰ পাছত সুৰংগ বিশেষজ্ঞ ডিক্সে এই অভিযানত সমগ্র বিশ্বই সহায় কৰিব বুলি আশ্বাস দিয়ে৷ আনপিনে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীৰ সৈতে টেলিফোনিক বার্তালাপ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷  ৮ দিন ধৰি ব্যর্থ হৈ থকা উদ্ধাৰ অভিযান পর্যবেক্ষণৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা আন্তর্জাতিক সুৰংগ বিশেষজ্ঞ ডিক্সে এতিয়া এই উদ্ধাৰ অভিযানক নতুন গতি দিব বুলি চর্চিত হৈছে৷ কিয়নো বিজ্ঞানী তথা অধিবক্তা, ইঞ্জিনীয়াৰিঙৰ অধ্যাপক ডিক্সে বিশ্বৰ বিভিন্ন দিশত সুৰংগ নির্মাণৰ লগতে সুৰংগ নির্মাণৰ সময়ত অহা বিপর্যয়ৰ অভিযানত জড়িতৰ অভিজ্ঞতা আছে৷ প্রধানমন্ত্রীৰ কার্যালয়ে এই সুৰংগটোত আবদ্ধ শ্রমিকক উদ্ধাৰ অভিযানত সুৰংগ নির্মাণত জড়িত সকলো কর্তৃপক্ষক অংশগ্রহণ কৰিবলৈ নির্দেশ দিছে৷ উল্লেখ্য যে যোৱা ১২ নৱেম্বৰত ভূমিস্খলনৰ ফলত নির্মীয়মাণ ছিল্কিয়াৰা–ডাণ্ডল গাঁও সুৰংগত ৪০ শ্রমিক আবদ্ধ হৈ পৰিছিল৷ উক্ত দিনাৰ পৰা এই আবদ্ধ শ্রমিকক উদ্ধাৰ অভিযান চলাই আছে যদিও এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আবদ্ধ শ্রমিকক পাইপেৰে খাদ্য–সামগ্রী যোগান ধৰাৰ সমান্তৰালকৈ অক্সিজেনো যোগান ধৰি আছে৷ আবদ্ধ শ্রমিকসকল বর্তমান সুৰক্ষিত আৰু সুস্থ হৈ থকা বুলি অভিযানকাৰী দলে প্রকাশ কৰিছে৷ চাৰি ইঞ্চি পাইপ লাইনৰ পৰিৱর্তে ছয় ইঞ্চি পাইপ লাইনেৰে আবদ্ধ শ্রমিকক খাদ্য আৰু পানী যোগান ধৰি আছে৷ গুৰুত্বপূর্ণ যে নতুন দিল্লীৰ পৰা আমেৰিকাত নির্মিত অগাৰ ড্রিলিং মেচিন আনি উদ্ধাৰ অভিযান চলোৱা হৈছিল যদিও এই ড্রিলিং মেচিনৰ বিসংগতিৰ বাবে উদ্ধাৰ অভিযান এদিন স্থগিত ৰাখিবলগীয়া হৈছিল৷ ইয়াৰ পাছতেই মধ্যপ্রদেশৰ ইন্দোৰৰ পৰা বিমানেৰে উচ্চ ক্ষমতাসম্পন্ন ড্রিলিং মেচিন আনি উদ্ধাৰ অভিযান চলাই আছে৷ আবদ্ধ শ্রমিকক নিৰাপদে উদ্ধাৰ কৰিবলৈ অহোপুৰুষার্থ কৰি আছে উদ্ধাৰকাৰী দলে৷

You might also like