নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানত ছমাহত নিঃসংগতাৰ হেতু মৃত্যু ৪০ হাজাৰ লোকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ ছেপ্টেম্বৰঃ নিঃসংগতাই গ্রাস কৰি নিছে জীয়াই থকাৰ বাসনাক জাপানত এই অতি বিচিত্র সংকটে দেখা দিছে৷ জীৱনৰ বিয়লি সময়ত জাপানৰ নাগৰিকসকল অকলশৰীয়া হৈ পৰিছে৷ বিয়লিৰ সময়ত থাকিবলৈ সংগী বুলি কোনো নাই৷ হাতত ধৰিবলৈ বা কথা ক’বলৈ কোনো আপোনজন নথকাৰ বাবে তেওঁলোকৰ জীৱনৰ প্রতি মোহ কমি আহিছে৷ এই সংকটৰ বাবে চলিত বছৰৰ প্রথম ছমাহতে দেশখনত ৪০ হাজাৰ লোকৰ মৃত্যু হৈছে নিজৰ ঘৰত৷ সম্পূর্ণ একাকীত্ব অৱস্থাত মৃত্যুক আঁকোৱালি লৈছে এই লোকসকলে৷ জাপানৰ নেচনেল পুলিচ এজেঞ্চীৰ পৰিসংখ্যাত এই তথ্য প্রকাশ পাইছে৷ অকল সেয়াই নহয়, বর্তমান জাপানত হাজাৰ হাজাৰ বয়োজ্যেষ্ঠ নাগৰিকে পৰিয়াল অবিহনেই নিজৰ ঘৰত অকলশৰে বাস কৰি আছে৷ চৰকাৰী হিচাপ অনুসৰি অতি প্রবীণ ৩৭,২২৭গৰাকী লোকে অকলেই ঘৰত বাস কৰিবলগা হৈছে৷ ফলত মৃত্যুৰ সয়মতো যে তেওঁলোকৰ ওচৰত কোনো নাথাকিব সেয়া নিশ্চিত৷ জাপানত অকলশৰে কটাবলগীয়া হোৱা গৰিষ্ঠসংখ্যক নাগৰিকৰ বয়স ৬৫ বছৰৰ ঊর্ধ্বত৷ ৮০ বছৰৰ ঊর্ধ্বৰ বহু লোকেও আত্মীয়–স্বজন অবিহনে অকলশৰে কটাবলগীয়া হৈছে জাপানত৷ জাপানৰ আৰক্ষী এমাহৰ ভিতৰত ঘৰত ৩,৯৩৯গৰাকী লোকৰ অকলশৰীয়া অৱস্থাত মৃত্যু হোৱা বুলি সদৰী কৰিছে৷ ১৩০জনৰ মৃতদেহৰ অস্তিত্ব পোৱা গৈছে মৃত্যুৰ এবছৰ অতিক্রম কৰাৰ পাছত৷

You might also like