নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ : দিল্লীত ৪১ বছৰীয়া অভিলেখ ভংগ

বিশেষ বাৰ্তা, ৯ জুলাই : উত্তৰ-পশ্চিম ভাৰতত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ অব্যাহত আছে। ৰাজধানী দিল্লীত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা বৰষুণ দেওবাৰলৈকে চলি থাকে। ৪১ বছৰীয়া অভিলেখ ভংগ কৰি ৰাজধানী দিল্লীত ২৪ ঘণ্টাত ১৫৩ মিলিমিটাৰ বৰষুণ হয়। ইয়াৰ পূৰ্বে ১৯৮২ চনত দিল্লী চহৰত জুলাই মাহত একে পৰিমাণৰ বৰষুণ হৈছিল। শুকুৰবাৰে সন্ধিয়াৰ পৰা দিল্লীত বৰষুণ আৰম্ভ হয়। শনিবাৰেও ইয়াৰ তীব্ৰতা ক্ৰমাৎ চলি থাকে। ফলত ১৫টা ঘৰ ভাঙি পৰাৰ খবৰ পোৱা গৈছে। আনহাতে, বহু ৰাস্তা পানীৰ তলত থকা বাবে যাতায়াত ব্যাহত হয়। কিছু কিছু ঠাইত পানীৰ পৰিমাণ ইমানেই বেছি যে আৰক্ষীয়ে বেৰিকেড লগাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। শনিবাৰে দেৱাল ভাগি পৰাত এজন লোকৰ মৃত্যু হয়। বতৰ বিজ্ঞান বিভাগে হালধীয়া সতৰ্কবাণী জাৰি কৰে।

You might also like