১২ মাহত চীনা সামগ্রী বর্জন ৪৫% ভাৰতীয়ৰ
🔹 ভাৰতত হ্রাস পাইছে চীনৰ উৎপাদিত বস্তু ক্রয়ৰ মানসিকতা
বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : চুবুৰীয়া ৰাষ্ট্র চীনৰ বিৰুদ্ধে কেন্দ্রীয় চৰকাৰৰ সবল নীতিৰ পৰিপ্রেক্ষিততে চীনাবিৰোধী মানসিকতা বৃদ্ধি পাইছে দেশত৷ কেন্দ্রীয় চৰকাৰে বে–আইনী বিনিয়োগ সম্পর্কীয় চীনৰ ১০০তকৈ অধিক ৱেবছাইট নিষিদ্ধ কৰাৰ সমান্তৰালকৈ দেশৰ নিৰাপত্তা, সংহতি আৰু প্রতিৰক্ষাৰ ক্ষেত্রত ভাবুকি কঢ়িয়াই অনাৰ প্রতি লক্ষ্য ৰাখি ২৫০তকৈ অধিক চীনা এপ নিষিদ্ধ কৰিছে৷ চৰকাৰে গ্রহণ কৰা এই পদক্ষেপৰ পৰিপ্রেক্ষিততে দেশৰ জনসাধাৰণৰ চীনাবিৰোধী মানসিকতা গঢ় লৈছে৷ কার্যতঃ চীনাবিৰোধী মানসিকতা দেশৰ জনগণৰ মাজত বৃদ্ধি পোৱাৰ ফলতেই চীনা সামগ্রী ক্রয় হ্রাস পাইছে৷ ‘মেক ইন ইণ্ডিয়া’ আৰু উৎপাদন সম্পর্কিত উদ্ভাৱন আঁচনি কেন্দ্রীয় চৰকাৰে গ্রহণ কৰাৰ পৰিপ্রেক্ষিতত চীনা সামগ্রীৰ বিপৰীতে থলুৱা নির্মিত সামগ্রীৰ চাহিদা বৃদ্ধি পাইছে৷ চীনা সামগ্রীৰ প্রতি দেশৰ ৪৫ শতাংশ নাগৰিকৰ আকর্ষণ হ্রাস পোৱাই নহয়, এই লোকসকলৰ চীনা সামগ্রী ব্যৱহাৰৰ প্রতি অনীহা আহিছে৷ তেনেদৰে এই সংখ্যক লোকে চীনা সামগ্রী ক্রয় কৰাও এৰি দিছে৷ লোকেল চার্কুলছ নামৰ সংস্থা এটাই চলোৱা সমীক্ষাত প্ৰকাশ পোৱা মতে বিগত ১২ মাহত ৪৫ শতাংশ ভাৰতীয়ই চীনা সামগ্রী ক্রয় কৰা নাই৷ অৱশ্যে একাংশ লোকে এতিয়াও চীনা সামগ্রী ক্রয় কৰি আছে৷ দেশৰ নাগৰিকৰ মাজত চীনা সামগ্রীৰ প্রতি অনীহা বৃদ্ধি পোৱাত থলুৱা সামগ্রীৰ চাহিদা বৃদ্ধি পাইছে, হ্রাস পাইছে চীনা সামগ্রীৰ চাহিদা৷ দেশৰ ৩৩৪ জিলাত চীনৰ স্মার্ট ফোনৰ পৰা ঘৰুৱা সামগ্রীলৈকে ক্রেতাৰ ওপৰত চলোৱা সমীক্ষাত চীনৰ সামগ্রীৰ চাহিদা হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ বিগত ১২ মাহত চীনৰ সামগ্রী ক্রয় কৰাৰ বিপৰীতে থলুৱা সামগ্রী ক্রয় কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি একাংশ লোকে প্রকাশ কৰিছে৷ চীন আৰু ভাৰতৰ মাজত বৃদ্ধি পোৱা ভূ–ৰাজনৈতিক সংঘাতৰ পৰিপ্রেক্ষিততেই চীনা সামগ্রী ক্রয় কৰাত অনীহাৰ সমান্তৰালকৈ থলুৱা সামগ্রীৰ প্রতি দেশৰ ৪৬ শতাংশ লোকে আগ্রহ দেখুৱাইছে৷ চীনা সামগ্রীৰ তুলনাত থলুৱা সামগ্রীৰ মান বৃদ্ধি পোৱাৰ বাবে ৪৬ শতাংশৰ ভিতৰত ৬৩ শতাংশই ভূ–ৰাজনৈতিক কাৰণত থলুৱা সামগ্রী ক্রয় কৰি আছে৷ ১৬ শতাংশই চীনৰ সামগ্রীৰ তুলনাত দেশৰ সামগ্রীৰ তুলনাত্মক দাম কম হোৱা বাবেও এই পদক্ষেপ গ্রহণ কৰিছে৷ ১৬ শতাংশই ‘মেড ইন ইণ্ডিয়া’ সামগ্রীৰ গ্রাহক সেৱা উন্নত হোৱা বাবেই চীনা সামগ্রীৰ ক্রয়ত গুৰুত্ব দিয়া নাই৷ ১৩ শতাংশই চীনা সামগ্রীৰ বিপৰীতে আন বিদেশৰ সামগ্রী ক্রয়ত আগ্রহ দেখুৱাইছে৷ ৭ শতাংশৰ মতে বজাৰৰ বিপণীত চীনা সামগ্রীৰ চাহিদা হ্রাস পোৱাৰ বাবে এই সামগ্রীৰ প্রতি আকর্ষণ হ্রাস পাইছে৷ উল্লেখ্য যে চীনা এপ কেন্দ্রীয় চৰকাৰে নিষিদ্ধ কৰাৰ পৰিপ্রেক্ষিতত এপবোৰ প্রধানতঃ ই–কমার্চ, ডিভাইচ মেনেজমেণ্ট, ফটো এডিটৰ/অডিঅ’–ভিডিঅ’ এডিটৰ, স্কেনাৰ, ছ’চিয়েল নেটৱর্কিঙৰ৷ এই চীনা এপবোৰ চৰকাৰে নিষিদ্ধ কৰাৰ বাবে ভাৰতীয় ম’বাইল এপ ব্যৱহাৰকাৰী লোকসকলে চীনা সামগ্রী ক্রয়ৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ চীনাবিৰোধী মানসিকতাৰ বাবে দেশত গ্রাহকসকলে ‘মেড ইন ইণ্ডিয়া’ সামগ্রী ক্রয়ত গুৰুত্ব দিছে৷