কলেজীয়া ছাত্রলৈ আয়কৰৰ ৪৬ কোটি টকাৰ জাননী
🔹 পান কার্ড জালিয়াতিৰে প্রৱঞ্চকে দীর্ঘদিন ধৰি চলালে ব্যৱসায়
বিশেষ বাৰ্তা, ৩১ মার্চ : ৪৬ কোটি টকাৰ আয়কৰৰ জাননী ! এই জাননী দেখাৰ লগে লগে চকু কপালত উঠিল কলেজীয়া ছাত্রৰ৷ কেনেদৰে এই বৃহৎ অংকৰ ধন আয়কৰ হিচাপে আহিল, তাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল৷ খবৰ কৰি শিক্ষার্থীজনে জানিব পাৰিলে যে পান কার্ড জালিয়াতিৰ বলি হৈছে তেওঁ৷ ঘটনাটো মধ্যপ্রদেশৰ৷ প্রমোদ কুমাৰ ডাণ্ডোটিয়া নামৰ এজন কলেজীয়া শিক্ষার্থীৰ অভিযোগ অনুসৰি, তেওঁৰ পান কার্ড ব্যৱহাৰ কৰি এটা সংস্থা খুলি লোৱা হৈছে৷ ২০২১ চনত মুম্বাই আৰু দিল্লীৰ পৰা হেনো ব্যৱসায় চলাইছিল সংস্থাটোৱে৷ ইয়াৰ ফলতেই ৪৬ কোটি টকাৰ আয়কৰৰ জাননী আহিছে ডাণ্ডোটিয়ালৈ৷ অভিনৱ এই জালিয়াতিৰ চিকাৰ হৈয়েই আৰক্ষীৰ দ্বাৰস্থ হৈছে ২৫ বছৰীয়া শিক্ষার্থীজন৷ ছাত্রজনে উল্লেখ কৰা অনুসৰি, তেওঁ গোৱালিয়ৰৰ এখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে৷ আয়কৰৰ জাননী পোৱাৰ লগে লগে তেওঁ হতভম্ব হৈ পৰা বুলিও উল্লেখ কৰে৷ কেনেদৰে পান কার্ড ব্যৱহাৰ কৰিব পাৰিছে প্রৱঞ্চকে, সেয়া এতিয়াও আশ্চর্যৰ বিষয় ডাণ্ডোটিয়াৰ বাবে৷ লক্ষণীয়ভাৱে এই ঘটনা সন্দর্ভত আৰক্ষীয়ে প্রথমতে সহযোগিতা নকৰাৰ অভিযোগ তুলিছে ছাত্রজনে৷ আৰম্ভণিতে আৰক্ষী বিষয়াসকলে ছাত্রজনৰ কথাত কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নাছিল৷ কিন্তু পৰহি গোৱালিয়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ছিয়াছ কে এমৰ ওচৰত অভিযোগ দাখিল কৰে প্রমোদ ডাণ্ডোটিয়াই৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে এই ঘটনা সন্দর্ভত ক্ষিপ্র তদন্ত চলোৱা হ’ব বুলি প্রতিশ্রুতি দিছে৷ আয়কৰৰ তৰফৰ পৰা এনেদৰে অদ্ভুত জাননী কোনো লোকে লাভ কৰাটো এয়াই প্রথম নহয়৷ কিন্তু কেনেদৰে প্রৱঞ্চকে কোনো লোকৰ গোপন নথি ব্যৱহাৰ কৰিব পাৰে, সেয়াহে আশ্চর্যৰ বিষয় হৈ পৰিছে৷