নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৬ : টেষ্টত গৃহভূমিত সর্বনিম্ন স্ক’ৰ টীম ইণ্ডিয়াৰ

🔹 শূন্য ৰানত পেভিলিয়নমুখী পাঁচজন বেটাৰ

🔹 দিনান্তত নিউজিলেণ্ডৰ সংগ্রহ ১৮০/৩

নিউজ ডেস্ক, ১৭ অক্টোবৰ : গৃহভূমিত চূড়ান্ত লজ্জাজনক প্রদর্শন ভাৰতীয় টেষ্ট দলৰ৷ মাত্র ৪৬ ৰানতে অল আউট হ’ল তাৰকা খেলুৱৈৰে সমৃদ্ধ বিশ্বৰ অন্যতম শ্রেষ্ঠ দল টীম ইণ্ডিয়া৷ ফলত ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটো এক অনাকাংক্ষিত অভিলেখৰ সন্মুখীন হয়৷ টেষ্ট ক্রিকেটৰ ৯১ বছৰীয়া ইতিহাসত ঘৰৰ মাটিত ভাৰতীয় ক্রিকেট দলৰ এয়াই হৈছে আটাহতকৈ সর্বনিম্ন স্ক’ৰ৷ আনহাতে, সামগ্রিকভাৱে ভাৰতৰ সর্বকালৰ সর্বনিম্ন স্ক’ৰসমূহৰ ভিতৰত এই স্ক’ৰ থাকিব তৃতীয় স্থানত৷ ইয়াৰ পূর্বে অষ্ট্রেলিয়াৰ বিৰুদ্ধে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই ৩৬ ৰানতে ইনিংছ সামৰিছিল৷ তাৰ পূর্বে ১৯৭৪ চনত ভাৰতীয় দলটো ইংলেণ্ডৰ বিৰুদ্ধে ল’ডর্ছত ৪২ ৰানত অল আডট হৈছিল৷ আজিৰ এই ৪৬ ৰানৰ পূর্বে ভাৰতৰ ঘৰৰ মাটিত সর্বনিম্ন স্ক’ৰ আছিল ৭৫ ৰান৷ ১৯৮৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে দিল্লীত ৭৫ ৰানত অল আডট হৈছিল৷ আজি ভাৰতীয় দলটোৱে মাত্র ৪৬ ৰানতে ইনিংছ সামৰি এই সকলো অভিলেখ ভংগ কৰে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত চলি থকা প্রথমখন টেষ্টৰ প্রথম ইনিংছত ভাৰতৰ এনে প্রদর্শনে স্বাভাৱিকতে বিশ্বজুৰি চর্চা লাভ কৰিছে৷ উল্লেখ্য যে টছত জয়লাভ কৰি ভাৰতীয় দলটোৱে বেটিং কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ বেটিং কৰিবলৈ আহি মেট হেনৰী আৰু উইলিয়াম অ’ৰুৰকেৰ বিধ্বংসী বলিঙৰ সন্মুখত ৰোহিত বাহিনীয়ে ৩১.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ৪৬ ৰানতে প্রথম ইনিংছ সামৰিবলৈ বাধ্য হয়৷ যশস্বী জয়ছোৱালে ১৩, ৰোহিত শর্মাই ২ ৰান কৰাৰ বিপৰীতে তৃতীয় আৰু চতুর্থ স্থানত বেটিং কৰিবলৈ অহা বিৰাট কোহলি আৰু ছৰফৰাজ খান শূন্যত আউট হয়৷ পঞ্চম স্থানত বেটিং কৰিবলৈ আহি ঋষভ পণ্টে ২০ ৰান কৰে যদিও ষষ্ঠ, সপ্তম আৰু অষ্টম স্থানত বেটিং কৰিবলৈ আহি কে এল ৰাহুল, ৰবীন্দ্র জাদেজা, ৰবিচন্দ্রন অশ্বিন শূন্যত পেভিলিয়নমুখী হয়৷ কুলদ্বীপ যাদৱে ২, যশপ্রীত বুমৰাহে ১ আৰু মহম্মদ ছিৰাজে ৪ ৰান কৰে৷ নিউজিলেণ্ডৰ হৈ হেনৰীয়ে ১৫ ৰানত ৫টা আৰু উইলিয়ামে ২২ ৰানত চাৰিটা উইকেট লাভ কৰাৰ লগতে টিম ছাউদীয়ে এটা উইকেট লাভ কৰে৷ ইপিনে, প্রথম ইনিংছ মুকলি কৰিবলৈ আহি প্রত্যয়জনক আৰম্ভণি কৰিছে আলহী দলটোৱে৷ আজি দ্বিতীয় দিনৰ খেলৰ অন্তলৈকে কিৱিয়ে প্রথম ইনিংছত তিনিটা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্রহ কৰিছে আৰু ১৩৪ ৰানৰ গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে৷ দিনান্তত ৰাচিন ৰবীন্দ্রই ২২ আৰু ডাৰিল মিচেলে ১৪ ৰান কৰি ক্রিজত আছে৷ ডেভ’ন ক’নৱেই মাত্র ৯ ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হয়৷ তাৰকা অ’পেনাৰগৰাকীয়ে ৯১ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ ইফালে, অধিনায়ক ট’ম লাথামে ১৫ আৰু উইল ইয়ঙে ৩৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ ভাৰতৰ হৈ অশ্বিন, কুলদীপ আৰু জাদেজাই এটাকৈ উইকেট লাভ কৰে৷ উল্লেখ্য যে বৰষুণৰ বাবে প্রথম দিনৰ খেল সম্পূর্ণৰূপে বাতিল হৈছিল৷

You might also like