নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত পুনৰ দুর্ভিক্ষৰ কবলত পৰিব ৪.৭ কোটি লোক

🔹 ৰাষ্ট্রসংঘৰ অধীনস্থ সংস্থা ডব্লিউএফপিৰ আশংকা

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : বিশ্বৰ ৫০খনতকৈ অধিক দেশত শীঘ্রে দুর্ভিক্ষৰ কবলত পৰিব ৪ কোটি ৭০ লাখ লোক৷ ৰাষ্ট্রসংঘৰ অধীনস্থ সংস্থা বিশ্ব খাদ্য আঁচনি (ডব্লিউএফপি)ৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই শিহৰণকাৰী তথ্য৷ ডব্লিউএফপিৰ কার্যবাহী সঞ্চালক চিণ্ডি মেক্কেইনে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদক জনোৱা অনুসৰি পুঁজিৰ অভাৱৰ বাবে সংস্থাটোৱে কোটি কোটি মানুহৰ খাদ্য ৰেচন কর্তন কৰিবলগীয়া হৈছে৷ গোলকীয় মানৱীয় সাহায্যৰ ক্ষেত্রত অধিক পুঁজিৰ প্রয়োজন যদিও সংস্থাটোৱে এই পুঁজি লাভ কৰা নাই৷ পৰিণতিত ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হোৱা সত্ত্বেও কোটি কোটি লোকক পর্যাপ্ত সাহায্য প্রদান কৰাটো সম্ভৱ হোৱা নাই৷ মেক্কেইনৰ মতে বিশ্বজুৰি ক্ষুধাৰ সংকট অতি ভয়াৱহ হৈছে৷ ৭ কোটিতকৈ অধিক লোকে এসাঁজ খাই পিছত খাবলৈ পাব নে নাই, সেই কথা নাজানে৷ অর্থাৎ এক অনিশ্চিত ভৱিষ্যতক লৈ জীয়াই থাকিবলগীয়া হৈছে কোটি কোটি মানুহ৷ বিশ্ব জনসংখ্যাৰ প্রতি ১০জনৰ এজনে নিশা অনাহাৰে কটাবলগীয়া হয় বুলিও ডব্লিউএফপিৰ মুৰব্বীগৰাকীয়ে ঘোষণা কৰিছে৷ চলিত বর্ষত প্রায় ৩ কোটি ৫০ লাখ লোক খাদ্যৰ অনিৰাপত্তাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ উল্লেখনীয় যে প্রয়াত মার্কিন ছিনেটৰ জন মেক্কেইনৰ পত্নী ডব্লিউএফপিৰ কার্যবাহী সঞ্চালক চিণ্ডি মেক্কেইনৰ মতে পৰিস্থিতি ভবাতকৈও বহু ভয়াৱহ৷ বিশ্বৰ ৫০খন দেশৰ প্রায় ৪ কোটি ৫০ লাখ শিশু যিকোনো মুহূর্ততে দুর্ভিক্ষৰ কবলত পৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে ডব্লিউএফপিৰ বিষয়ববীয়াগৰাকীয়ে৷

You might also like