নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ বাবে অতি ভয়াৱহ বৰ্ষ : চলিত বর্ষত বিশ্বজুৰি আক্রান্ত ৪৭ কোটি ৩০ লাখ শিশু

🔹  ইউনিচেফৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : পেলেষ্টাইনৰ পৰা ম্যানমাৰ, হাইটিৰ পৰা ছুডান– দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এনে বেছি সংঘর্ষ কোনো বছৰ দেখা নাই পৃথিৱীবাসীয়ে, কেৱল ২০২৪ত সেয়া দেখিবলৈ পোৱা গৈছে৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ সংস্থা ইউনিচেফৰ তৰফৰ পৰা প্রকাশিত প্রতিবেদনত উল্লেখ কৰা হৈছে যে ২০২৪ বর্ষটো বিশ্বজুৰি শিশুৰ বাবে অতি ভয়াৱহ৷ বর্ষটোত সশস্ত্র সংঘাতৰ কবলত পৰিছে বিশ্বৰ প্রায় ১৯ শতাংশ শিশু৷ সংঘর্ষজর্জৰ অঞ্চলত বাস কৰা শিশুৰ সংখ্যা বর্ষটোত ৪৭ কোটি ৩০ লাখৰো বেছি বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷

You might also like