নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিত সোণৰ খনিত ৪৮জনৰ প্ৰাণহানি

🔹 সোণ সংগ্রহ কৰি থকা সময়তে ভয়াৱহ অঘটন

নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : আফ্রিকান ৰাষ্ট্র মালিত এটা অবৈধ সোণৰ খনিত হোৱা দুর্ঘটনাৰ ফলত ৪৮গৰাকী কর্মীৰ মৃত্যু হৈছে৷ পৰহি সংঘটিত হৈছে এই শোকাৱহ ঘটনা৷ নিহত লোকসকলৰ অধিকসংখ্যকেই মহিলা শ্রমিক বুলি দেশখনৰ চৰকাৰী সূত্রই সদৰী কৰিছে৷ মালিৰ পশ্চিম প্রান্তৰ কেনিবা অঞ্চলত সংঘটিত হৈছে এই খনি দুর্ঘটনা৷ উল্লেখনীয় যে এই অঞ্চলটোত বহু সোণৰ খনি আছে৷ খনিজ সম্পদেৰে সমৃদ্ধ এই অঞ্চলটোত বেছিভাগ খনিয়েই সোণৰ৷ উল্লেখনীয় যে খনিটোত সোণৰ সন্ধানত নামিছিল শ্রমিকসকলে৷ তেতিয়াই চাৰিওফালৰ মাটি খহি পৰে খনিটোত৷ সোণৰ খনিত কাম কৰা শ্রমিকসকলৰ সংগঠনৰ তৰফৰ পৰা সংবাদ সংস্থাক জনোৱা হৈছে এই তথ্য৷ উল্লেখ্য যে তিনি সপ্তাহৰ ভিতৰত মালিত এয়া দ্বিতীয়টো ভয়াৱহ খনি দুর্ঘটনা৷ জানুৱাৰীৰ শেষৰ সপ্তাহটোত সংঘটিত এটা দুর্ঘটনাত মৃত্যু হৈছিল দহজন শ্রমিকৰ৷ শেহতীয়া দুর্ঘটনাত প্রকৃততে কিমান লোক নিহত হৈছে, সেয়া চৰকাৰী সূত্রই স্পষ্ট কৰা নাই৷ স্থানীয় আৰক্ষীয়ে সংবাদ সংস্থা এএফপিক জনোৱা অনুসৰি নিহত শ্রমিকৰ সংখ্যা ৪৮ৰ পৰা ৫০ হ’ব পাৰে৷ ইফালে, খনি শ্রমিক সংগঠনৰ তৰফৰ পৰা সংবাদ সংস্থা ৰয়টার্ছক জনোৱা অনুসৰি নিহত শ্রমিকৰ সংখ্যা ৪৩ বুলি জানিব পৰা গৈছে৷ স্থানীয় আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ওপৰৰ পৰা মাটি খহি অহাৰ ফলত তলত বহু শ্রমিক পৰি যায়৷ মৃত্যু হোৱা শ্রমিক মহিলা এগৰাকীৰ বোকোচাত এটি শিশুও আছিল বুলি আৰক্ষীয়ে সংবাদ সংস্থাক জনাইছে৷ স্মর্তব্য যে বিশ্বৰ সোণ উৎপাদনকাৰী দেশসমূহৰ ভিতৰত অন্যতম হৈছে মালি৷ কিন্তু দেশখনত বিজ্ঞানসন্মতভাৱে উন্নত প্রযুক্তি ব্যৱহাৰ কৰি খনিত কাম–কাজ নকৰাৰ ফলত সঘনে দুর্ঘটনা সংঘটিত হয়৷ সোণ সংগ্রহ কৰিবলৈ শ্রমিকসকলে অসুৰক্ষিত ব্যৱস্থা দীর্ঘদিনৰে পৰা গ্রহণ কৰি আহিছে৷ ইয়াৰ ফলতে সঘনে দুর্ঘটনাত প্রাণ হেৰুৱাবলগীয়া হৈছে খনিৰ শ্রমিকসকলে৷

You might also like