নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রব্রজনকাৰীৰ নাও দুর্ঘটনাত ৪৯জনৰ মৃত্যু : ১৪০জন সন্ধানহীন

বিশেষ বাৰ্তা, ১১ জুন : হৰ্ন অৱ আফ্রিকাৰ অন্যতম দেশ হিচাপে পৰিচিত ছোমালিয়াৰ পৰা শৰণার্থী কঢ়িওৱা নাও য়েমেনৰ উপকূলৰ সমীপত দুর্ঘটনাত পতিত হোৱাৰ ফলত কমপক্ষেও ৪৯জনৰ মৃত্যু হৈছে৷ ৰাষ্ট্রসংঘৰ আন্তর্জাতিক প্রব্রজন সংস্থা (আইঅ’এম)ৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷ উল্লেখনীয় যে ২৬০গৰাকী প্রব্রজনকাৰী কঢ়িয়াই অনা নাওখন প্রচণ্ড ধুমুহাৰ সময়ত সাগৰত ডুব যায়৷ এই ঘটনাত ৪৯গৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৬টি শিশু আৰু ৩১গৰাকী মহিলাও আছে৷ এতিয়াও সন্ধানহীন হৈ আছে ১৪০গৰাকী লোক৷ উল্লেখনীয় যে দেওবাৰে স্থানীয় সময় অনুসৰি বিয়লি ৩ বজাত ১১৫ ছোমালি আৰু ১৪৫গৰাকী ইথিঅ’পিয়ান নাগৰিকক লৈ নাওখনে যাত্রা আৰম্ভ কৰিছিল৷ স্মর্তব্য যে য়েমেনলৈ শেহতীয়াকৈ হৰ্ন অৱ আফ্রিকাৰ দেশসমূহৰ পৰা প্রব্রজনকাৰীৰ যাত্রা বৃদ্ধি পাইছে৷ এডেনৰ পূব প্রান্তৰ ৰুডুমৰ স্থানীয় প্রশাসনে উল্লেখ কৰা অনুসৰি উপ-সাগৰীয় ৰাষ্ট্রসমূহত জলপথেৰে উপস্থিত হোৱা বাবে য়েমেনক অন্যতম ঘাটি হিচাপে ব্যৱহাৰ কৰি আহিছে আফ্রিকাৰ প্রব্রজনকাৰীসকলে৷ আইঅ’এমৰ তৰফৰ পৰা আজি সদৰী কৰা অনুসৰি শেহতীয়া শোকাৱহ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷

You might also like