নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ লাখ ডলাৰ দিলে পাব আমেৰিকান নাগৰিকত্ব

🔹 প্রব্রজনকাৰীৰ বাবে সুযোগ সৃষ্টিৰে ‘গ’ল্ড কার্ড’ ঘোষণা মার্কিন ৰাষ্ট্রপতিৰ

নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : প্রব্রজনকাৰীৰ বাবে সুবর্ণ সুযোগ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ৷ কঠোৰ প্রব্রজন নীতিৰে আমেৰিকা যুক্তৰাষ্ট্রত বসবাস কৰি থকা বিদেশ ৰাষ্ট্রৰ নাগৰিকৰ বাবে শংকাৰ সৃষ্টি কৰা ৰাষ্ট্রপতি ট্রাম্পে ধনৱান প্রব্রজনকাৰীলৈ সুখবৰ দিছে৷ আমেৰিকা যুক্তৰাষ্ট্রত বসবাস কৰি থকা প্রব্রজনকাৰীৰ বাবে গ’ল্ড কার্ড ঘোষণা কৰিছে ৰাষ্ট্রপতি ট্রাম্পে৷ প্রব্রজনকাৰীয়ে মার্কিন নাগৰিকত্ব লাভ কৰিবলৈ হ’লে ব্যয় কৰিব লাগিব ৫০ লাখ মার্কিন ডলাৰ (ভাৰতীয় হিচাপত ৪৩.৫৪ কোটি টকা)৷ অর্থাৎ ৰাষ্ট্রপতি ট্রাম্পে প্রব্রজনকাৰীক নাগৰিকত্বৰ সকাহ দি বিক্রী কৰিব গ’ল্ড কার্ড৷ মঙলবাৰে ৰাষ্ট্রপতি ট্রাম্পে অ’ভেল কার্যালয়ত বাণিজ্য সচিব হোৱার্ড লুটনিকৰ সৈতে এই গ’ল্ড কার্ডৰ সিদ্ধান্তত স্বাক্ষৰ কৰে৷ গ’ল্ড কার্ড সন্দর্ভত ৰাষ্ট্রপতি ট্রাম্পে কয়– আমি গ’ল্ড কার্ড বিক্রী কৰিবলৈ গৈ আছোঁ৷ আপোনাৰ এখন গ্রীন কার্ড আছে, এইখন গ’ল্ড কার্ড হ’ব৷ আমি এই কার্ডৰ মূল্য ৫০ লাখ মার্কিন ডলাৰ ধার্য কৰিছোঁ আৰু গ্রীন কার্ডক মর্যাদা প্রদান কৰা হ’ব৷ এই সিদ্ধান্তৰে মার্কিন নাগৰিকত্বৰ পথ মুকলি কৰা হৈছে৷ এনে কৰিলে বিশ্বৰ বিভিন্ন দেশৰ ধনৱান ব্যক্তিসকলে এই কার্ড ক্রয় কৰি আমাৰ দেশলৈ আহিব৷ তেনে লোকে আমেৰিকালৈ আহি ধনী হ’ব, সফল হ’ব আৰু আমাৰ দেশক অধিক কৰ দিব৷ গ’ল্ড কার্ডে বর্তমানৰ ইবি–৫ কার্যসূচীৰ সলনি ব্যৱহূত হ’ব৷ এই ইবি–৫ অনুসৰি বিদেশী লোকে মার্কিন বাণিজ্যত অতিকমেও ১০ লাখ মার্কিন ডলাৰ বিনিয়োগ কৰিব লাগে৷ ৩৫ বছৰ পুৰণি এই আঁচনিৰ ঠাইত গ’ল্ড কার্ড প্রচলিত হ’ব৷ গ’ল্ড কার্ডৰ ধন প্রত্যক্ষভাৱে চৰকাৰৰ কোষাগাৰলৈ যাব৷ তাৎপর্যপূর্ণ যে ৰাষ্ট্রপতি ট্রাম্পৰ এই সিদ্ধান্তই প্রব্রজনকাৰী ভাৰতীয় ধনৱান লোকক লাভৱান্বিত কৰিব৷

You might also like