নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ পূৰ্বে বিচিচিআইৰ ৫০ কোটি টকাকৈ

বিশেষ বাৰ্তা, ৩০ জুনঃ বিশ্বকাপ ২০২৩ক লৈ কাউণ্ট ডাউন আৰম্ভ হৈছে। এইবাৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত উৎকণ্ঠা বিৰাজ কৰিছে। ৫ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল। ক্ৰিকেটৰ এই মহাৰণৰ পূৰ্বে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ষ্টেডিয়ামসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ কৰিছে। এক প্ৰতিবেদন অনুসৰি, ইয়াৰ বাবে ব’ৰ্ডে ৫০ কোটি টকাকৈ দিব। এই তালিকাত কলকাতাৰ ইডেন গাৰ্ডেনৰ পৰা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামলৈকে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত নতুন ফ্লাডলাইট স্থাপন কৰিব বিচিচিআয়ে। কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামৰ ড্ৰেছিং ৰুম উন্নীত কৰা হ’ব। ধৰ্মশালাত সাজু হৈছে এখন নতুন আউটফিল্ড। পুনেৰ ষ্টেডিয়ামত ছাদৰ কাম কৰা হ’ব। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আসন আৰু শৌচাগাৰ মেৰামতি কৰা হ’ব। লক্ষ্ণৌ আৰু চেন্নাইত পিটচৰ কাম চলি আছে। লগতে এল ই ডি লাইট লগোৱা হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, লক্ষ্ণৌৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ষ্টেডিয়ামত বিচিচিআয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ইয়াত আই পি এলৰ খেল অনুষ্ঠিত হৈছিল। এই মেচবোৰত স্ক’ৰ কম আছিল। ইয়াৰ বাবেই পিটচখনক সমালোচনা কৰা হৈছিল। সেইবাবেই এতিয়া ইয়াত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰতিবেদন অনুসৰি, ষ্টেডিয়ামখনত ১১খন নতুন পিটচ প্ৰস্তুত কৰা হৈছে। নতুন ঘাঁহো ৰোপণ কৰা হৈছে, যিবোৰ অতি ভালকৈ গজিছে। ২৯ অক্টোবৰত ইয়াত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেলখন অনুষ্ঠিত হ’ব। ইয়াত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩ৰ মুঠ ৫খন খেল। ভাৰত-ইংলেণ্ডৰ লগতে অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু কোৱালিফায়াৰ ২ দলৰ মাজত খেল অনুষ্ঠিত হ’ব।

You might also like