নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰীকৰণৰ বাবে চহৰত ৬০ শতাংশ উষ্ণতা বৃদ্ধি

🔹 আইআইটি ভুবনেশ্বৰৰ অধ্যয়নৰ প্রতিবেদনত উদ্বেগজনক তথ্য

বিশেষ বাৰ্তা, ১ জুন : নগৰ সম্প্রসাৰণক লৈ বিগত কেইবা দশকত উষ্ণতাৰ তথ্য সংগ্রহেৰে অধ্যয়ন চলোৱা আইআইটি ভুবনেশ্বৰৰ গৱেষকে দেশৰ চহৰসমূহত বৃদ্ধি পোৱা উষ্ণতা সন্দর্ভত উদ্বেগজনক তথ্য লাভ কৰিছে৷ জার্ণেল নেছাৰ চিটীজত প্রকাশিত আইআইটি ভুবনেশ্বৰৰ প্রতিবেদনত উল্লেখ কৰা মতে, দেশৰ চহৰসমূহত নগৰীকৰণৰ বাবে ৬০ শতাংশ উষ্ণতা বৃদ্ধি পাইছে৷ ভাৰতৰ পূব প্রান্তৰ চহৰসমূহত এই উষ্ণতা বৃদ্ধিৰ শতাংশ সর্বাধিক৷ আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু আন সংস্থাসমূহৰ দ্বাৰা সংগৃহীত কৃত্রিম উপগ্রহৰ আলোকচিত্রত জলবায়ু পৰিৱর্তন আৰু নগৰীকৰণ সন্দর্ভত তথ্য পুংখানুপুংখভাৱে আইআইটি ভুবনেশ্বৰৰ গৱেষকৰ দলটোৱে অধ্যয়ন চলাইছে৷ ভাৰতৰ মুঠ ১৪১খন চহৰত চলোৱা অধ্যয়নত এই কথা স্পষ্ট হৈছে যে এই চহৰসমূহত নগৰ সম্প্রসাৰণৰ পিছৰে পৰা উষ্ণতা বৃদ্ধি পাই আহিছে৷ অর্থাৎ এই চহৰসমূহত পূর্বৰ তুলনাত ৬০ শতাংশ উষ্ণতা বৃদ্ধি হৈছে৷ অধ্যয়নত মানৱীয় কার্যকলাপ বৃদ্ধি, যান–বাহনৰ নির্গমন বৃদ্ধি, ঔদ্যোগিক নির্গমন বৃদ্ধিয়ে চহৰসমূহৰ উষ্ণতা বৃদ্ধিত প্রভূত অৰিহণা যোগাই আহিছে৷ উল্লেখনীয় যে ২০৫০ চনৰ ভিতৰত চহৰৰ জনসংখ্যাও ৬৮ শতাংশলৈ বৃদ্ধি পাব৷

You might also like