নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছৌদিত তাপপ্রবাহত মৃত ৬০০ হজযাত্রীৰ ৬৮জন ভাৰতীয়

বিশেষ বাৰ্তা, ২১ জুন : প্রচণ্ড গৰম আৰু তাপপ্রবাহৰ বাবে ছৌদি আৰবত হজযাত্রীৰ মৃত্যুৰ ঘটনা বৃদ্ধি পাই আছে৷ বৃহস্পতিবাৰে দেশখনৰ এগৰাকী কূটনৈতিক বিষয়াই সদৰী কৰা অনুসৰি এতিয়ালৈকে ৬০০ হজযাত্রীৰ মৃত্যু হৈছে ছৌদি আৰবত৷ মৃত্যু হোৱা হজযাত্রীসকলৰ তালিকাত ৬৮জন ভাৰতীয় নাগৰিকো আছে৷ ছৌদি চৰকাৰে দিয়া তালিকাত উল্লেখ কৰা হৈছে যে প্রচণ্ড গৰমৰ বাবে অসুস্থ হৈ মৃত্যু হৈছে এই হজযাত্রীসকলৰ৷ মৃত্যু হোৱা হজযাত্রীসকলৰ আধাতকৈ বেছিসংখ্যকেই হৈছে ইজিপ্তৰ নাগৰিক৷ ইয়াৰ উপৰি পশ্চিম এছিয়াৰ দেশ জর্ডানৰো বহু নাগৰিকে হজযাত্রাত অংশগ্রহণ কৰিবলৈ গৈ মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ মক্কাৰ সমীপৱর্তী আল–মুৱাইছেম অঞ্চলৰ মর্গত হজযাত্রীসকলৰ মৃতদেহ ৰখাৰ ব্যৱস্থা কৰিছে ৰিয়াধ প্রশাসনে৷ যোৱাবাৰ হজযাত্রাৰ সময়ত ২৪০গৰাকী লোকৰ মৃত্যু হৈছিল৷ এইবাৰ ইতিমধ্যে ৬০০ হজযাত্রীয়ে উৎকট গৰমত প্রাণ হেৰুৱাইছে৷ ইছলামিক কেলেণ্ডাৰ অনুসৰি আজিৰ পৰা হজযাত্রা আৰম্ভ হ’ব বুলি ছৌদি আৰব চৰকাৰৰ হজ আৰু উমৰা মন্ত্রণালয়ে সদৰী কৰিছে৷ এতিয়ালৈকে মক্কাত সমৱেত হৈছে প্রায় ১৮ লাখ হজযাত্রী৷

You might also like