নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছাদপন্থী–ছিৰিয়ান সেনাৰ সংঘর্ষ, নিহত ৭০

🔹 গৃহযুদ্ধবিধ্বস্ত দেশত পুনৰ অস্থিৰতা

নিউজ ডেস্ক, ৮ মার্চ : বিদ্রোহী বাহিনীৰ হাতলৈ ছিৰিয়া আহিলেও দেশখনত অস্থিৰতা অব্যাহত আছে৷ দেশখনৰ প্রাক্তন ৰাষ্ট্রপতি বাছাৰ আল আছাদৰ অনুগামী যোদ্ধা আৰু বর্তমান নতুন বাহিনীৰ মাজত চলা যুদ্ধত কমপক্ষেও ৭০গৰাকী লোক নিহত হৈছে৷ শেহতীয়াকৈ ছিৰিয়াত এয়া অতি ভয়াৱহ সংঘর্ষৰ ঘটনা হিচাপে চিহ্ণিত হৈছে৷ স্মর্তব্য যে যোৱা ডিচেম্বৰ মাহত আছাদ চৰকাৰৰ পতন হোৱাৰ পাছত ইছলামিষ্ট অন্তর্ৱর্তী চৰকাৰে দেশখনত ক্ষমতা লাভ কৰে৷ যুদ্ধৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকা ব্রিটেইনৰ মানৱাধিকাৰ সংস্থা ছিৰিয়ান অবজাৰভেটৰী অৱ হিউমেন ৰাইটছৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ইতিমধ্যে ৭০গৰাকী লোক নিহত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ এই সংঘর্ষত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বুলিও মানৱাধিকাৰ সংস্থাটোৱে আশংকা প্রকাশ কৰিছে৷ সেই সংঘর্ষৰ লগে লগে লাটাকিয়ান আৰু টাৰটুছকে ধৰি কেইবাখনো বন্দৰ চহৰত সান্ধ্য আইন জাৰি কৰা হৈছে৷ বিশেষকৈ উপকূলীয় চহৰসমূহত সংঘর্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ লাটাকিয়াত এক অভিযানৰ সময়ত চৰকাৰী বাহিনীয়ে গুলীচালনা কৰাৰ পাছতেই সংঘর্ষৰ সূত্রপাত ঘটে৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি, বিভিন্ন স্থানত অব্যাহত আছে ধাৰাসাৰ গুলীবর্ষণ৷ উল্লেখনীয় যে উপকূলীয় অঞ্চল হৈছে আলাৱাইট সংখ্যালঘু সম্প্রদায়ৰ বসতিস্থল৷ প্রাক্তন ৰাষ্ট্রপতি আছাদৰ পৰিয়ালৰ এই অঞ্চলবোৰত আছে সবল গণভিত্তি৷ গতিকে, আছাদৰ অনুগামী যোদ্ধাসকলে এই উপকূলীয় অঞ্চলতেই আশ্রয় গ্রহণ কৰিছে৷ ইয়াত নতুন চৰকাৰৰ বাহিনীয়ে আৰম্ভ কৰিছে অভিযান৷ আছাদৰ অনুগামী যোদ্ধাই যাতে সাংগঠনিক ভেটি শক্তিশালী কৰিব নোৱাৰে, সেই দিশটোৰ ওপৰত নজৰ দিছে নতুন চৰকাৰে৷ পৰিণতিত এই অঞ্চলসমূহত সংঘর্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ সংবাদ সংস্থাৰ তথ্য অনুসৰি, শেহতীয়া কোনোধৰণৰ স্বতন্ত্রভাৱে পৰিস্থিতি পর্যালোচনা কৰা হোৱা নাই৷ ছিৰিয়াত থকা ষ্টেপ নিউজৰ প্রতিবেদন অনুসৰি, পৰহি চৰকাৰী বাহিনীৰ গুলীবর্ষণত আছাদৰ অনুগামী বহু যোদ্ধা নিহত হয়৷ চৰকাৰী বাহিনীৰো কেইবাজনো যোদ্ধা নিহত হয় এই সংঘর্ষত৷ ইফালে, চৰকাৰী বাহিনীয়ে আছাদৰ অনুগামী ২৫জন যোদ্ধাক গ্রেপ্তাৰ কৰা বুলি সংবাদ মাধ্যমে দাবী কৰিছে৷ শেহতীয়া এই সংঘর্ষৰ লগে লগে যুদ্ধই বিধ্বস্ত কৰা দেশখনৰ বসতি অঞ্চলসমূহত পুনৰ বিয়পিছে আতংক৷ কেইবাখনো চহৰত সান্ধ্য আইন জাৰি হোৱাৰ লগে লগে পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷

You might also like