কংগোত সেনা–বিদ্রোহীৰ যুদ্ধত নিহত ৭০০
🔹 গোমা দখলৰ পিছত বুকাভু অভিমুখে অগ্রসৰ এম–২৩ৰ যোদ্ধা
নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : আফ্রিকান ৰাষ্ট্র ডেম’ক্রেটিক ৰিপাব্লিক অৱ কংগো (ডিআৰচি)ত বিগত এসপ্তাহ ধৰি বিদ্রোহী আৰু সেনাৰ মাজত চলা যুদ্ধত কমপক্ষেও ৭০০ লোক নিহত হৈছে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা সদৰী কৰা হৈছে এই তথ্য৷ কংগোৰ দক্ষিণ প্রান্তৰ আটাইতকৈ ডাঙৰ চহৰ গোমাত চলি আছে বিদ্রোহী আৰু সেনাৰ মাজত যুদ্ধ৷ ৰাষ্ট্রসংঘৰ মুখপাত্র ষ্টেফানী ডুজাৰিকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, এই সময়ছোৱাত আহত হৈছে ২,৮০০ লোক৷ স্মর্তব্য যে এম–২৩ বিদ্রোহীয়ে উত্তৰ কিভু প্রদেশৰ ৰাজধানী গোমা ইতিমধ্যে দখল কৰিছে৷ এই বিদ্রোহী সংগঠনটোক প্রতিৱেশী ৰাৱাণ্ডাই সহায় কৰা বুলি বিভিন্ন মহলে অভিযোগ কৰি আহিছে৷ শেহতীয়াকৈ বিদ্রোহী গোমাৰ পৰা দক্ষিণ কিভু প্রদেশৰ ৰাজধানী বুকাভু অভিমুখে অগ্রসৰ হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ স্মর্তব্য যে পূব কংগোত ১৯৯০ৰ দশকৰ পৰা অব্যাহত আছে অস্থিৰতা৷ শেহতীয়াকৈ এই অস্থিৰতাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ পূর্বৰ বিদ্রোহী গোট টুটছিৰ পৰাই জন্ম হৈছে এম–২৩ৰ৷ দেশখনত সংখ্যালঘু টুটছিসকলৰ অধিকাৰ প্রতিষ্ঠাৰ বাবেই এম–২৩য়ে দীর্ঘদিন ধৰি যুদ্ধ চলাই আহিছে৷ ইফালে, কংগো চৰকাৰৰ অভিযোগ অনুসৰি ৰাৱাণ্ডাৰ সমর্থনপুষ্ট বিদ্রোহী সংগঠনটোৱে পূব প্রান্তৰ খনিজ সম্পদ সমৃদ্ধ অঞ্চলত নিজৰ নিয়ন্ত্রণ সাব্যস্ত কৰাৰ বাবে যুদ্ধ চলাই আহিছে৷ কালি ডুজাৰিকে উল্লেখ কৰা অনুসৰি, বিশ্ব স্বাস্থ্য সংস্থা আৰু অন্যান্য সহযোগী সংগঠনৰ হিচাপ অনুসৰি নিহত লোকৰ সংখ্যাই ইতিমধ্যে ৭০০ অতিক্রম কৰিছে৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘৰ মুখপাত্রগৰাকীয়ে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বুলিও সংবাদ মাধ্যমক জনাইছে৷ এম–২৩ৰ যোদ্ধাই দক্ষিণ কিভুৰ ৰাজধানী অভিমুখে অগ্রসৰ হোৱাৰ চেষ্টা চলোৱা সময়ত কংগোৰ সেনাই গোমা আৰু বুকাভুৰ মাজত এক প্রতিৰক্ষা বেহু গঢ়ি তুলিছে৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি, হাজাৰ হাজাৰ অসামৰিক স্বেচ্ছাসেৱীক বুকাভুক ৰক্ষাৰ দায়িত্ব প্রদান কৰা হৈছে৷ আনকি, তৰুণ শিক্ষার্থীসকলেও বিদ্রোহীৰ এই অভিযানক প্রতিহত কৰিবলৈ আগবাঢ়ি আহিছে৷ গোমা চহৰৰ ভয়াৱহ পৰিস্থিতিৰ মাজতেই এম–২৩ৰ বিৰুদ্ধে দেশবাসীক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে চৰকাৰে৷