পাকিস্তান সমর্থনকাৰী অধিবক্তা-সাংবাদিক-ছাত্ৰসহ ধৃত ৮
🔹 ‘দেশদ্রোহী’ৰ বিৰুদ্ধে একচন মুডত অসম আৰক্ষী
বিশেষ বাৰ্তা, ২৬ এপ্রিল : জম্মু–কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ বর্বৰোচিত নৰসংহাৰক সমগ্র বিশ্বই একমুখে নিন্দা কৰাৰ বিপৰীতে অসমৰ একাংশ লোকে সামাজিক মাধ্যমত পাকিস্তানৰ পক্ষত অৱস্থান কৰিছে৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰে সীমাৰ সিপাৰৰ পৰা ভাৰতভূমিত অস্থিৰতাৰ সৃষ্টি কৰি অহা এনে ‘দেশদ্রোহী’সকলৰ বিৰুদ্ধে একচন মুডত অভিযান চলাইছে অসম আৰক্ষীয়ে৷ অতি হৃদয়বিদাৰক পেহেলগাম কাণ্ডত শোক প্রকাশ কৰাৰ বিপৰীতে বিতর্কিত মন্তব্য কৰাৰ অপৰাধত ধিঙৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামক গ্রেপ্তাৰ কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন স্থানত ধৰা পৰিছে আন ৮জন ‘দেশদ্রোহী’৷ উল্লেখ্য যে পেহেলগামৰ নৃশংস হত্যালীলাৰ পাছতে অসমৰ মাটিৰ পৰা পাকিস্তানক প্রত্যক্ষ–পৰোক্ষভাৱে সমর্থন কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰক্ষীক নির্দেশ দিছিল ৷ ইয়াৰ লগে লগে কার্যতঃ তৎপৰ হৈ বিতর্কিত মন্তব্য কৰা বিধায়ক আমিনুল ইছলামক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ তদুপৰি পৰৱর্তী পর্যায়তো অভিযান অব্যাহত ৰাখি আন ৭জনকো জালত পেলাবলৈ সক্ষম হয়৷ ধৃত এই ৮জনৰ ভিতৰত আছে অধিবক্তা, সাংবাদিক আৰু বিশ্ববিদ্যালয়ৰ ছাত্র৷ ভাৰতৰ মাটিত থাকি তথা বায়ু–পানী সেৱন কৰি পাকিস্তানৰ সমর্থনকাৰী এই ৮ ‘দেশদ্রোহী’ হ’ল– হাইলাকান্দিৰ সাংবাদিক মহম্মদ জাবিৰ হুছেইন, কাছাৰৰ অধিবক্তা মহম্মদ জাভেদ মজুমদাৰ, শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ছাত্র মহম্মদ এ কে বাহাউদ্দিন চৌধুৰী, মৰিগাঁৱৰ মহম্মদ মাজাহাৰ মিঞা ওৰফে মুজিহিৰুল ইছলাম, শিৱসাগৰৰ মহম্মদ চাহিল আলী, বৰপেটাৰ মহম্মদ জাৰিক আলী, বিশ্বনাথৰ অনিল বণিয়া আৰু শ্রীভূমি জিলাৰ ছাহিল হক৷ পেছাত ছাহিল হক পাণ–তামোলৰ দোকানী৷ লক্ষণীয়ভাৱে পাকিস্তানক সমর্থন কৰাসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি পুনৰ স্পষ্ট কৰি দিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ সামাজিক মাধ্যমযোগে তেওঁ কয় যে পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ জঘন্য আক্রমণ সন্দর্ভত প্রত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমর্থন কৰা ব্যক্তিক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে৷ এয়া সম্পূর্ণৰূপে দেশদ্রোহিতা হিচাপে বিবেচিত৷৷