স্বাধীন ভাৰতৰ প্রথম কুম্ভমেলাত পদপিষ্ট হৈ মৃত্যু হৈছিল ৮০০ ভক্তৰ
🔹 ১৯৫৪ চনৰ ৩ ফেব্রুৱাৰী
নিউজ ডেস্ক, ৩০ জানুৱাৰী : কুম্ভমেলাত পদপিষ্ট ঘটনাৰ এক ইতিহাস আছে৷ মহাকুম্ভমেলা ২০২৫ৰ মৌনী অমাৱস্যা উপলক্ষে অমৃত স্নানৰ বাবে ভিৰ কৰা ভক্তৰ মাজত পদপিষ্টৰ ঘটনা সংঘটিত হোৱাত অতিকমেও ৪০জন লোকৰ প্রাণহানি হোৱাৰ লগতে ৫০জনতকৈ অধিক আহত হৈছে৷ এই মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনা সংঘটিত হোৱাৰ পূর্বেই কুম্ভমেলাত কেইবাবাৰো বিশৃংখলা আৰু পদপিষ্টৰ শোকাৱহ ঘটনা সংঘটিত হোৱাৰ ইতিহাস আছে৷ স্বাধীন ভাৰতৰ প্রথম কুম্ভমেলাতো পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল৷ ১৯৫৪ চনৰ ৩ ফেব্রুৱাৰীত এলাহাবাদ (বর্তমানৰ প্রয়াগৰাজ)ত মৌনী অমাৱস্যাৰ বাবে পুণ্য স্নানৰ বাবে ভক্তৰ ভিৰ হৈছিল আৰু সেই ভিৰেই বিশৃংখলাৰ সৃষ্টি কৰাত অতিকমেও ৮০০জন ভক্তৰ মৃত্যু ঘটিছিল৷ পৰৱর্তী সময়ত ১৯৮৬ চনৰ কুম্ভমেলাৰ সময়ত হৰিদ্বাৰত অতিকমেও ২০০জন ভক্তৰ মৃত্যু ঘটিছিল৷ উত্তৰ প্রদেশৰ তদানীন্তন মুখ্যমন্ত্রী বীৰ বাহাদুৰ সিং কুম্ভমেলা উপলক্ষে হৰিদ্বাৰলৈ আহিছিল৷ লগত আছিল কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্রী আৰু সাংসদ৷ নদীৰ পাৰত ৰাজনীতিকৰ ভিৰৰ পৰিপ্রেক্ষিতত ভক্তৰ ধৈর্য হেৰাইছিল আৰু পিছলৈ হেঁচা–ঠেলাত শোকাৱহ ঘটনা সংঘটিত হয় আৰু অতিকমেও ২০০জনৰ মৃত্যু ঘটে৷ ২০০৩ চনৰ মহাৰাষ্ট্রৰ নাছিকত কুম্ভমেলা উপলক্ষে গোদাবৰী নদীৰ পাৰত হাজাৰ হাজাৰ পুণ্যার্থী সমৱেত হৈছিল আৰু হঠাতে বিশৃংখলাৰ সৃষ্টি হোৱাত ৩৯জন লোকৰ মৃত্যু ঘটাৰ লগতে শতাধিক আহত হৈছিল৷ ২০১৩ চনৰ ১০ ফেব্রুৱাৰীত আৰু এটা শোকাৱহ ঘটনা সংঘটিত হয়৷ কুম্ভমেলা উপলক্ষে ভক্তৰ ভিৰৰ ফলত এলাহাবাদ ষ্টেচনৰ পদসেতু ভাঙি পৰিছিল৷ পৰিণতিত ৪২জন ভক্তৰ মৃত্যু ঘটাৰ লগতে ৪৫জন আহত হৈছিল৷ ইয়াৰ পাছত ২০২৫তো এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত হোৱাত কুম্ভমেলাত কৰুণ ইতিহাসৰ পুনৰাবৃত্তি চলি আছে৷